NORTHEAST NOW (Assamese)
Popular Stories

আজি ঘোষণা কৰিব চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ স্থগিত পৰীক্ষাৰ সূচী : ১ জুনৰ পৰা হোৱাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2020 3:11 pm
CBSE

চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ স্থগিত পৰীক্ষাৰ সূচী আজি ঘোষণা কৰা হ’ব।

এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰীয়াল নিশাঙ্কে।

নিজৰ টুইটাৰ একাউন্টত এক টুইটৰ যোগে এই কথা জনাইছে কেন্দ্ৰী মন্ত্ৰীগৰাকীয়ে।

টুইটত মন্ত্ৰী গৰাকীয়ে কয় যে, “শিক্ষাৰ্থীসকল শুনা, চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ সূচী আজি সন্ধিয়া ৫ বজাত মুকলি কৰা হ’ব। সবিশেষ জানিবলৈ অপেক্ষা কৰা।”

স্থগিত থকা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ অহা ১ৰপৰা ১৫ জুনলৈ অনুষ্ঠিত হোৱাৰ কথা। অবশ্যে পৰক্ষীৰ সূচীখন সন্ধিয়া ৫ বজাতহে উপলব্ধ হ’ব।

উল্লেখ্য যে, দেশত ক’ৰ’না প্ৰতিৰোধৰ বাবে মানৱ সম্পদ মন্ত্ৰালয়ে দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ বাকী থকা পৰীক্ষাসমূহ স্থগিত ৰাখিছিল।

ইয়াৰ পিছতে ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ল’কডাউন ঘোষণা কৰাৰ পিছত বাকী পৰীক্ষাসূহ অনিশ্চয়তাৰ গহ্বত সোমাই পৰিছিল।

আজি কেন্দ্রীয় মানৱ সম্পদ মন্ত্ৰী গৰাকীৰ এই ঘোষণা কৰাৰ পিছত এই অনিশ্চয়তাৰ অৱসান ঘটিব।