NORTHEAST NOW (Assamese)

অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লোকসভাৰ তৃতীয় বাজেট অধিৱেশন : সম্পূৰ্ণ বাজেট দাখিল কৰিব সীতাৰমণে

January 20, 2025 7:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 20, 2025 7:15 pm

৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব পাৰে সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়। এই অধিৱেশন অহা ২৩ ফেব্ৰুৱাৰীলৈকে চলিব পাৰে।

বিত্ত মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট ১ ফেব্ৰুৱাৰীত দাখিল কৰাৰ সম্ভাৱনা আছে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী চৰকাৰৰ তৃতীয় বিত্তীয় বৰ্ষত প্ৰথমখন সম্পূৰ্ণ বাজেট দাখিল কৰিব। কাৰণ ২০২৪ চনত লোকসভা নিৰ্বাচনৰ বাবে বিত্তমন্ত্ৰীয়ে ‘ভোট অন একাউণ্ট’ প্ৰৱৰ্তন কৰিছিল। বিত্তমন্ত্ৰী হিচাপে অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিবলৈ ওলাইছে নিৰ্মলা সীতাৰমণে।

চৰকাৰী সূত্ৰ অনুসৰি আয়কৰ আইন সংশোধনৰ সৈতে জড়িত এখন বিধেয়ক এইবাৰৰ বাজেটত সংসদত দাখিল কৰিব পাৰে। আয়কৰ আইন সংশোধনী বিধেয়কখনে আয়কৰ ব্যৱস্থা সহজ কৰি তুলিব বুলি দাবী কৰিছে কেন্দ্ৰই। মূল্যবৃদ্ধিৰ কথা মনত ৰাখি বিভিন্ন মহলে আয়কৰৰ হাৰ হ্ৰাস বা বিভিন্ন স্তৰত পৰিৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছে। ৰাইজক বাজেটত অধিক ধন দি চাহিদা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি ধাৰণা কৰা হৈছে।

Related News