NORTHEAST NOW (Assamese)
দেশ

তৃতীয় শ্ৰেণীত পঢ়া নাবালিকাক ধৰ্ষণ কৰি হত্যা : তিনি অভিযুক্ত ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 13, 2024 7:00 am

অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ানক ঘটনা। এগৰাকী ৮ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল ভুক্তভোগী নাবালিকাগৰাকী। এই ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছে তিনিটা নাবালকক।

সূত্ৰ অনুসৰি, ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ৩ জনেই ছাত্ৰীগৰাকীৰ বিদ্যালয় খনৰ ছাত্ৰ। ৩ জনৰ ভিতৰত এজন ১৩ বছৰ বয়সৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰু বাকী ২ জন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তেওঁলোকৰ বয়স ১২ বছৰ।

ঘটনাৰ বিৱৰণ অনুসৰি, ৩ গৰাকী নাবালকে নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাবালক তিনিজনক। অৱশ্যে নাবালিকাগৰাকীৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।

অভিযুক্তই স্বীকাৰ কৰা মতে, মৃতদেহটো খালত পেলাই দিয়া হৈছিল।

অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালা জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে নাবালিকাগৰাকীৰ পিতৃয়ে মুচুমাৰী থানাত এখন নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে। তাৰ পিছত তদন্ত আৰম্ভ হয়।

জানিব পৰা মতে, মুচুমাৰী অঞ্চলৰ এখন পাৰ্কত খেলিবলৈ গৈ ঘৰলৈ ঘূৰি যোৱা নাছিল ৮ বছৰীয়া কন্যাগৰাকী। অভিযোগৰ পিছত সেই স্থানত আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত অভিযান চলায়। স্নিফাৰ ডগে আৰক্ষী বিষয়াক ৩ নাবালকৰ ঘৰলৈ লৈ যায়। তেওঁলোকক জেৰা কৰি আৰক্ষীয়ে সমগ্ৰ বিষয়টো জানিব পাৰে।

উল্লেখ্য যে অভিযুক্ত ৩ নাবালকৰ লগত চিনাকী আছিল ভুক্তভোগী নাবালিকাগৰাকীৰ। কাৰণ তেওঁলোক একেখন বিদ্যালয়ৰ ছাত্ৰ।

সেইদিনা পাৰ্কত একেলগে খেলি থাকোতে ৩ নাবালক পাৰ্কৰ পৰা অলপ দূৰৈৰ নিৰ্জন ঠাইলৈ মাতে নাবালিকাগৰাকীক। তাত তেওঁলোকে এজন এজনকৈ নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলায়। ঘটনাৰ পিছতে তেওঁলোক আতংকিত হৈ পৰে আৰু প্ৰমাণ নষ্ট কৰিবৰ বাবে নাবালিকাক হত্যা কৰি ওচৰৰ খালত পেলাই দিয়ে।