NORTHEAST NOW (Assamese)
অসম

১ কোটি লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা প্ৰথমখন দেশত পৰিণত আমেৰিকা যুক্তৰাষ্ট্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 9:43 pm
১ কোটি লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা প্ৰথমখন দেশত পৰিণত আমেৰিকা যুক্তৰাষ্ট্ৰ

ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যাই এক কোটি অতিক্ৰম কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ।

বিগত ১০ দিনত আমেৰিকা যুক্তৰাষ্ট্ৰত ১০ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱাৰ পাছত এয়া হৈছে দেশখনত সৰ্বাধিক সংক্ৰমণ।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমানলৈ বিশ্বৰ ভিতৰত সৰ্বাধিক সংখ্যক লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

আমেৰিকাত মুঠ ২.৩৭ লাখ লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

উল্লেখযোগ্য যে, আমেৰিকাত ক’ৰ’নাৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পাইছিল যদিও ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ৰ পৰা পুনৰ নতুনকৈ সংক্ৰমণ আৰম্ভ হয়।

বৰ্তমান প্ৰতিদিনে আমেৰিকাত এক লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে ক্ৰমে ভাৰত আৰু ব্ৰাজিলত সৰ্বাধিক ক’ৰ’নাৰ সংক্ৰমণ হৈছ।