NORTHEAST NOW (Assamese)

অপেক্ষাৰ অৱসান! : ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড প্রতিষেধক ‘কোভেক্সিন’ৰ ক্লীনিকেল ট্ৰায়েল আৰম্ভ

July 18, 2020 2:34 pm · এন ই নাও নিউজ
Updated: July 19, 2020 2:04 pm

অপেক্ষাৰ অন্ত পৰিব নেকি!

সমগ্ৰ বিশ্বই কোভিড১৯ৰ ত্ৰাসত সন্ত্ৰস্ত হৈ থকাৰ সময়তে বিশ্ববাসীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব নেকি ভাৰতৰ কোভেক্সিন(Covaxin)-এ!

এই লৈ দেশত জল্পনা কল্পনা চলি থকাৰ সময়তে কোভেক্সিনৰ ক্লীনিকেল ট্ৰায়েল আৰম্ভ কৰা হৈছে।

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, দেশৰ ১২খন প্রথম শ্ৰেণীৰ হাস্পতালত প্ৰাথমিক পৰ্যায়ত ৩৭৫ গৰাকী স্বেচ্ছাসেৱীৰ শৰীৰত এই প্ৰতিষেধকবিধ প্ৰয়োগ কৰা হৈছে।

প্ৰস্তুতকৰ্তা ভাৰত বায়’টেক(Bharat Biotech)ৰ সূত্ৰৰ খবৰ অনুসৰি বিগত ১৫ জুলাইত ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই প্ৰতিষেধকবিধ প্ৰয়োগ কৰা হৈছে।

প্ৰয়োগ কৰাৰ পিছত বৰ্তমান ফলাফলৰ বাবে অপেক্ষা কৰিছে গৱেষকসকলে।

উল্লেখ্য যে, ইতিমধ্যে প্ৰি-ক্লীনিকেল ট্ৰায়েলত সফল হৈছে এই প্ৰতিষেধকবিধ।

প্ৰি-ক্লীনিকেল ট্ৰায়েলত বিভিন্ন প্ৰাণীৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল কোভেক্সিন নামৰ ভেকচিনবিধক।

প্ৰি-ক্লীনিকেল ট্ৰায়েল সফলতাৰে সম্পন্ন হোৱাৰ পিছত এইবাৰ মানৱ শৰীৰত ক্লীনিকেল ট্ৰায়েল কৰা হৈছে।

উল্লেখ্য যে, কোভেক্সিন প্ৰতিষেধকবিধক ক্লীনিকেল ট্ৰায়েলৰ বাবে ১,১০০ গৰাকী লোক বাছি লোৱা হৈছে। প্ৰথম পৰ্যায়ত ইয়াৰে ৩৭৫ গকাৰীৰ শৰীৰত ইয়াক প্ৰয়োগ কৰা হৈছে।

প্ৰথম পৰ্যায়ৰ ট্ৰায়েলত ভেকচিন বিধে ৰোগীৰ শৰীৰত কিবা পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিছে নেকি সেয়া লক্ষ্য কৰা হ’ব।

আশানুৰূপ ফলাফল লাভ কৰিলেই দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে ICMRলৈ প্ৰেৰণ কৰা হ’ব।

দ্বিতীয় পৰ্যায়ত ৭৫০ গৰাকী স্বেচ্ছাসেৱীৰ শৰীৰত ইয়াক প্ৰয়োগ কৰাৰ কথা।

যদি দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলত ভেকচিনবিধ সফল হয় তেতিয়া হ’লে ই কোভিড১৯ ভাইৰাছ প্ৰতিষেধকৰূপে পৰিগণিত হ’ব।

ইফালে ICMR-এ দাবী কৰিছে কৰিছে ভেকচিনবিধ ট্ৰায়েল বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ গাইডলাইন অনুসৰি কৰা হৈছে।

Related News