NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ নগৰৰ এটা অঞ্চল ৫ দিনে ডুব গৈ আছে দিখৌ নদীৰ পানীত; কাণসাৰ নাই প্ৰশাসনৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 25, 2020 8:20 am
IMG-20200624-WA0008

শিৱসাগৰ নগৰৰ এটা অঞ্চল বিগত ৫দিন ধৰি দিখৌ নদীৰ পানীত ডুব গৈ আছে। কিন্তু এই বিষয়ত চৰকাৰ তথা পৌৰ বিভাগে কোনো কাণসাৰ দিয়া নাই।

শিৱসাগৰৰ ফুকন নগৰ মেটেকাঘাটৰ ৯ টা পৰিয়ালে আৰু কিমান দিন চকুলো টুকিব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

এইটো অঞ্চল শিৱসাগৰ নগৰৰ ১৪ নং ৱাৰ্ডৰ। অঞ্চলটোত আজি দীৰ্ঘদিন ধৰি দিখৌ নদীৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও জিলা প্ৰশাসন, পৌৰসভা তথা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব দিয়া নাই।

উল্লেখ্যে যে এই অঞ্চলটোত পুৰণা দিখৌৰ মথাউৰিৰ কিছু নিলগত আন এটা মথাউৰি নিৰ্মাণ কৰাৰ বাবে ৯ টা পৰিয়াল দুয়োটা মথাউৰিৰ মাজত সোমাই পৰাত  অঞ্চলটোত দিখৌ নদীৰ পানী জমা হৈ পৰে ।

ইয়াৰ বাবে এই ৯ টা পৰিয়াল ৭/৮ দিন ধৰি পানীৰ মাজত থাকিব লগীয়া হয়।

মঙলবাৰে সাংসদ তপন কুমাৰ গগৈ অঞ্চলটোলৈ আহিছিল যদিও সমস্যাটোৰ কোনো স্থায়ী সমাধানৰ কথা নকলে সাংসদজনে।

ৰাইজৰ অভিযোগ সাংসদ গৰাকীয়ে বিচৰা হ’লে ৪ বা ৫ টা পাম্প লগাই জমা হৈ থকা পানী সিচি দুৰ্ভগীয়া পৰিয়াল কেইটাক সকাহ দিব পাৰিলেহেতেন।

কিন্তু সাংসদ গৰাকীয়ে ৰাইজক কোনো আশ্বাসয়েই প্ৰদান নকৰিলে। যাৰ বাবে ক্ষোভিত হৈ আছে ৰাইজ।

আজি চাৰি পাঁচ দিন পানীৰ মাজত থকা পৰিয়াল কেইটাক চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা পানীৰ বটল এটাও প্ৰদান কৰা নাই বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।

সাংসদ,মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতা কেৱল ভোটৰ বাবেহে অঞ্চলটোলৈ আহে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।

ইপিনে বুধবাৰে ফুকন নগৰ মেটেকা ঘাটৰ এই অঞ্চলটোৰ কাষত থিয় দিলে ‘সতীৰ্থ ৯৭’ য়ে। প্ৰায় ২৫ টা পৰিয়ালৰ ১০০ ব্যক্তিক দুপৰীয়াৰ সাজ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিয়ে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ ৯৭’ বৰ্ষৰ ছাত্ৰসকলে।