ৰাজ্যত বতৰে ল’ব কালৰূপ! ৰাজ্যৰ ৭খনকৈ জিলাত জাৰি হ’ব পাৰে সতৰ্কবাণী
পুনৰ ৰাজ্যৰ বতৰে ল’ব ভয়ংকৰ ৰূপ। ৰাজ্যৰ একাধিক জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।
দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে আজি হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।
কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে আজি গেৰুৱা সতৰ্কবাণী জাৰি কৰিছে।
দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং আৰু শ্ৰীভূমি জিলাত শুকুৰবাৰে বিজ্ঞান বিভাগে ৰঙা সতৰ্কবাণী জাৰি কৰিছে।
কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, হোজাই, ডিমা হাচাও, কাছাৰ আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে গেৰুৱা সতৰ্কবাণী জাৰি কৰিছে।
কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাত বতৰ বিজ্ঞান বিভাগে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।
বতৰ বিজ্ঞান বিভাগে ৰঙা সতৰ্কবাণী জাৰি কৰা জিলাসমূহত অতিপাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে গেৰুৱা সতৰ্কবাণী জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান বিভাগে হালধীয়া সতৰ্কবাণী জাৰি কৰা জিলাসমূহত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।