NORTHEAST NOW (Assamese)

আলফা(স্বাঃ)ৰ মিথ্যাচাৰ :পৰেশ বৰুৱাৰে সাক্ষাৎকাৰৰ অডিঅ’ প্ৰমাণৰে উভতি ধৰিলে ‘দ্য উইক’এ

November 27, 2018 8:08 am · এন ই নাও নিউজ
আলফা(স্বাঃ)ৰ বিবৃতিৰ প্ৰত্যুত্তৰত 'দ্য উইক'এ প্ৰকাশ কৰা বাতৰিৰ স্ক্ৰীণ শ্বট।

আলফা(স্বাঃ)এ  সোমবাৰে জাৰি কৰা এটা বিবৃতিত স্পষ্টভাৱে প্ৰসিদ্ধ আলোচনী ‘দ্য উইক’এ কেতিয়াও ইয়াৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে বাৰ্তালাপ কৰা নাছিল বুলি প্ৰকাশ কৰা কথাটো ভুল বুলি প্ৰমানিত হৈছে।

সোমবাৰে ‘নৰ্থইষ্ট নাও’ত বাতৰি প্ৰকাশ পাইছিল যে আলফা(স্বাঃ)ই ‘দ্য উইক’ত প্ৰকাশ কৰা পৰেশ বৰুৱাৰ ‘আছুতীয়া সাক্ষাৎকাৰ’টো অস্বীকাৰ কৰিছে। ইয়াত কোৱা হৈছিল যে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ তথা উপসভাপতি গৰাকীয়ে দেশৰ  আগশাৰীৰ আলোচনীখনত কেতিয়াও কোনো সাক্ষাৎকাৰ দিয়া নাছিল।

ইয়াৰ আগেয়ে ‘নৰ্থইষ্ট নাও’ত ‘দ্য উইক’ আলোচনীখনৰ যোৱা ২ ডিচেম্বৰ সংখ্যাৰ প্ৰচ্ছদ নিৱন্ধত প্ৰকাশ পোৱা ৰবি বেনাৰ্জীৰ আলফাৰ(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ প্ৰকাশ পাইছিল য’ত কোৱা হৈছিল যে চীনৰ সৈতে তেওঁৰ সংগঠনে ‘অতি আন্তৰিকতাপূৰ্ণ সম্পৰ্ক’ ৰক্ষা কৰি আছে।

সোমবাৰে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে সংবাদ মাধ্যমলৈ ই-মেইল যোগে প্ৰেৰণ কৰা বিবৃতিটোত দাবী কৰিছিল যে বৰুৱাই ‘দ্য উইক’ৰ কোনো সংবাদতাতাক কেতিয়াও লগ পোৱা নাছিল আৰু কেতিয়াও সেই মিডিয়া হাউছৰ কোনো সাংবাদিকৰ সৈতে কথা পতা নাছিল।

আলফা(স্বাঃ)ৰ প্ৰেছ বিবৃতিটোত লগতে দাবী কৰা হৈছিল যে গোটেই সাক্ষাৎকাৰটোৱে ভুৱা, ৰহনসনা আৰু লিখকগৰাকীৰ কল্পনাপ্ৰসূত। তদুপৰি, দাবী কৰা হৈছিল যে সংবাদ মাধ্যমৰ একাংশই হালধীয়া সাংবাদিকতাৰ আশ্ৰয় লৈছে আৰু আলফা(স্বাঃ)ৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে।

পৰেশ বৰুৱা (বাওফালে) আৰু অভিজিৎ অসম।

বিবৃতিটোত লগতে ‘দ্য উইক’ আৰু সাক্ষাৎকাৰ গ্ৰহণ কৰা বিশেষ সংবাদদাতা ৰবি বেনাৰ্জীক ‘সাক্ষাৎকাৰ’টোৰ প্ৰমাণ ৰাজহুৱাভাৱে দাঙি ধৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

অৱশ্যে, কেইঘন্টামান পাছতে ‘দ্য উইক’এ ইয়াৰ ৱেবছাইটত এটা সৰু বাতৰি প্ৰকাশ কৰি দাবী কৰে যে যোৱা ২৭ আগষ্টৰ ১২.৩০ বজাত আলোচনীখনে গ্ৰহণ কৰা বৰুৱাৰ এঘন্টা জোৰা সাক্ষাৎকাৰটো বাণীবদ্ধ কৰা হৈছিল। ইয়াত লগতে কোৱা হৈছে যে ‘দ্য উইক’এ উত্তৰ পূৰ্বাঞ্চলত উগ্ৰপন্থী সংগঠনৰ বিভাজনৰ বাতৰি প্ৰকাশৰ পাছত বৰুৱাৰ সৈতে কথা পাতিব বিচাৰিছিল।

বাতৰিটোত লগতে দাবী কৰা হৈছে যে বৰুৱাই নিজেই ৰবি বেনাৰ্জীক ফোন কৰি তেওঁৰ সংগঠনৰ ভৱিষ্যত আৰু চীনৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে বিশদভাৱে জনাব বিচাৰিছিল।

তেওঁ লগতে ‘দ্য উইক’এ সংগঠনটোৰ সভাপতি অভিজিৎ অসমৰ সৈতে কথা পতাটোও বিচাৰিছিল বুলি বাতৰিটোত দাবী কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে, বাতৰিটোৱে লগতে ইয়াৰ যথাৰ্থতা প্ৰমাণ কৰিবলৈ ৰবি বেনাৰ্জীৰে বৰুৱাৰ বাণীবদ্ধ বাৰ্তালাপৰ এটা সৰু অংশও প্ৰকাশ কৰিছে।

কোনোৱে তলৰ লিংকটোত ক্লিক কৰি বাণীবদ্ধ টোলিফোনিক সাক্ষাৎকাৰৰ অংশটো শুনিব পাৰিব :

https://www.theweek.in/news/india/2018/11/26/THE-WEEK-clarifies-Audio-proof-of-EXCLUSIVE-interview-with-ULFA-chief-Paresh-Baruah.html

 

Related News