NORTHEAST NOW (Assamese)

আন এক ‘বন্দনা কাণ্ড’ : অত্যাচাৰী স্বামীক দুটুকুৰাকৈ কাটি বস্তাত ভৰাই পেলাই ‎দিলে পত্নীয়ে

May 15, 2023 9:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 14, 2023 9:42 pm

কিছুদিন পূৰ্বে অসমৰ গুৱাহাটীত সংঘটিত হৈছিল এক ভয়ানক ঘটনা। বন্দনা নামৰ এগৰাকী মহিলাই নিজৰ স্বামী আৰু শাহুক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি বস্তাত ভৰাই পেলাই দিছিল।

এইবাৰ তদ্ৰুপ ঘটনা সংঘটিত হৈছে উৰিষ্যাত।

অভিযোগ অনুসৰি পত্নীৰ হাতত নিহত স্বামীগৰাকীয়ে সামান্য কাৰণতে দীৰ্ঘদিন ধৰি পত্নীৰ ওপৰত অমানৱিক অত্যাচাৰ চলাই আহিছিল। যাৰ বাবে অতিষ্ঠ হৈ পত্নীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়কঃ পাঁচ তাৰকাযুক্ত হোটেলত উৎখাত দেহ ব্যৱসায় চক্ৰ; উদ্ধাৰ অভিনেত্ৰী, মডেল

জানিব পৰা মতে মহিলাগৰাকীয়ে স্বামীক হত্যা কৰি মৃতদেহটো দুই টুকুৰা কৰি নিজৰ স্বামীৰ ভাতৃৰ সৈতে দুটা বস্তাত ভৰাই আঁতৰত পেলাই দিয়ে।

বালেশ্বৰৰ আৰক্ষী অধীক্ষক সাগৰিকা নাথে সংবাদ মাধ্যমৰ আগত কয় মৃত ব্যক্তিগৰাকী বলৰামপুৰ গাঁৱৰ নিবাসী ৰমেশক। আৰু হত্যাকাৰী পত্নীৰ নাম সুলোচনা।

ইতিমধ্যে আৰক্ষীয়ে মৃত ব্যক্তি গৰাকীৰ পত্নী আৰু ভাতৃক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে জেৰাৰ সময়ত সকলো অপৰাধ স্বীকাৰ কৰিছে হত্যাকাৰী সুলোচনাই।

লগতে পঢ়কঃ দিল্লীত নিৰ্মাণ কৰা হৈছে পিংক পাৰ্ক  : পিছে প্ৰৱেশৰ অনুমতি নাই পুৰুষৰ, কিন্তু কিয়?

Related News