NORTHEAST NOW (Assamese)

শীতৰ আমেজ, ভোগালীৰ উত্তাপ: হেঁপাহৰ বিহুটিৰ বাবে এতিয়া উখল মাখল এইখন গাঁৱৰ পদূলি

January 10, 2022 12:55 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

হেঁপাহৰ ভোগালী বিহুৰ বাবে মাজত মাথোঁ আৰু কেইটামান দিন বাকী আছে। এনে সময়ত ভোগালী বিহুৰ প্ৰাকক্ষণত ভীষণ ব্যস্ত হৈ পৰিছে এখন গাঁৱৰ মহিলা সকল।

শিৱসাগৰৰ মেটেকাৰ দৃশ্য দেখিলে আপোনাৰো গা লাগিব সাতখন-আঠখন। গাওঁখনৰ মহিলাসকল ব্যস্ত এতিয়া জলপান প্ৰস্তুত কৰাত।

ঢেকীত চিৰা সান্দহ খুন্দা, পিঠা বনোৱাৰ লগতে কেৰাহীত হুৰুম বনোৱাত ব্যস্ত গাওঁখনৰ মহিলা সকল।

এইসকল মহিলাই প্ৰস্তুত কৰা চিৰা সান্দহ হুৰুম পিঠা আদি ৰাজ্যৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰাৰ লগতে ৰাজ্যৰ বাহিৰলৈও প্ৰেৰণ কৰে।

ফটো: নৰ্থইষ্ট নাও।

বিহুৰ সময়ত অসমীয়া জলপান পিঠা আদি বিক্ৰী কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতৰে বাবে এই সকল মহিলা হৈ পৰিছে এক আদৰ্শ।

অসমীয়াৰ বাপতি সাহোন বিহুটিৰ পৰম্পৰা ৰক্ষা কৰি প্ৰকৃতাৰ্থতে শীতৰ আমেজৰ মাজত ভোগালীৰ উত্তাপ কঢ়িয়াই আনিছে গাঁৱখনৰ মহিলাসকলে।

Related News