NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমত মচগুল হৈও বিয়ালৈ ভয় শ্ৰুতিৰ; অসমৰ বোৱাৰী হ’বলৈ আৰু কিমান দিন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2023 9:42 am

দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানৰ কন্যা মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছানে দীৰ্ঘদিন ধৰি অসমৰ শান্তনু হাজৰিকাৰ সৈতে প্ৰেম কৰি আহিছে। সিহঁতে কেতিয়াও নিজৰ সম্পৰ্ক লুকুৱাই ৰখা নাই। কিন্তু এই জনপ্ৰিয় তাৰকা যুটীয়ে কেতিয়া বিয়াত বহিব?  বিবাহ সম্পৰ্কে কি ক’লে শ্ৰুতিয়ে?

সংবাদ মাধ্যমৰ বাতৰি মতে, বিবাহৰ প্ৰশ্নক লৈ অভিনেত্ৰীগৰাকীয়ে কয় যে ‘বিবাহ শব্দটোলৈ মোৰ বৰ ভয় লাগে। বিয়াৰ লগত ইমানবোৰ কথা জড়িত হৈ আছে যে এই বিষয়ে ভাবিবলৈও মন নাযায়। মই তেওঁৰ সৈতে ভালে আছো, একেলগে ভাল কাম কৰিছো, ভাল সময় কটাইছো। এইটো বিয়াতকৈ বহুত ভাল নহয়নে?’

শান্তনুৰ সৈতে থকা সম্পৰ্কৰ কথা কওঁতে শ্ৰুতিয়ে কয়, ‘তেওঁ আৰু মই নিজৰ নিজৰ ধৰণেৰে জীৱন কটাওঁ। আমি কোনো সামাজিক নীতি-নিয়মৰ বন্ধনত মেৰ খোৱা নাই। আমাৰ বিবাহৰ বিষয়ে মানুহে কি ভাবে বা কি নাভাবে সেই কথাও  নাভাবো। আমি যেতিয়ালৈকে ভাল বন্ধু হৈ আছো, ইজনে সিজনৰ কাষত থিয় দিছো, ইজনে সিজনক সন্মান কৰিছো তেতিয়ালৈকেতো মই কোনো সমস্যা দেখা নাপাওঁ।’

প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে শ্ৰুতি হাছান। ফটোঃ সংগ্ৰহীত।

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘আমি কঠিন সময়ত ইজনে সিজনৰ কাষত থিয় দিওঁ। সংগ্ৰামৰ সময়ত আপোনাৰ কাষত কোনোবা এজন থাকিলে ভাল লাগে।’

উল্লেখ্য যে শ্ৰুতি হাছান আৰু অসমৰ শিল্পী শান্তনু হাজৰিকাৰ মাজৰ প্ৰেম সম্পৰ্ক ইতিমধ্যে সৰ্বজনবিদিত আৰু তেওঁলোকেও ইয়াক কোনোদিন লুকাই ৰখা নাই। শ্ৰুতি আৰু শান্তনু একেলগে অসমলৈ আহিছে। অসমৰ প্ৰতি শ্ৰুতিৰ ভালপোৱাৰ কথাও তেওঁ জনাইছে।

প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে শ্ৰুতি হাছান। ফটোঃ সংগ্ৰহীত।

স্বাভাৱিকতে দুয়ো নিজৰ কামত অতি ব্যস্ত। বিয়া বা সংসাৰৰ চিন্তাত ডুব যাবলৈ এতিয়া যে সময়ৰ বৰ অভাৱ। অৱশ্যে দুয়ো প্ৰেমত পৰিপূৰ্ণ আৰু সময় উলিয়াই অন্তৰংগ মুহূৰ্তবোৰ উপভোগো কৰিছে। সেয়ে, বিয়াৰ কথা নহয়, প্ৰেমৰ সম্পৰ্ক অটুট ৰখাৰ ওপৰতে দুয়োৱে অধিক গুৰুত্ব দিছে।  

ইপিনে, শ্ৰুতিক পৰৱৰ্তী সময়ত প্ৰভাসৰ সৈতে ‘ছালাৰ’ ছবিখনত দেখা যাব।