NORTHEAST NOW (Assamese)
অসম

ভঙা সুৰংগৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব আৱদ্ধ শ্ৰমিকক? পাঁচ পৰিকল্পনাত জোৰ দিছে উদ্ধাৰকাৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2023 10:36 am

উত্তৰকাশীৰ ছিলকিয়াৰা সুৰংগত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ কাম এতিয়াও স্থগিত ৰখা হৈছে। শুকুৰবাৰৰ পৰা আৰু কোনো কাম আগবঢ়া নাই। একেৰাহে ৮ দিন ভাঙি পৰা সুৰংগটোত আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। মূলতঃ তেওঁলোকক উদ্ধাৰৰ বাবে পাঁচটা পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

শুকুৰবাৰে দুপৰীয়া সুৰংগটোৰ ধ্বংসাৱশেষ খান্দি থাকোঁতে হঠাতে এটা প্ৰচণ্ড শব্দ শুনা গৈছিল। সুৰংগটোৰ ভিতৰতে আন এক ধ্বংস সংঘটিত হয়। ফলত খন্দা কাম ততাতৈয়াকৈ বন্ধ হৈ পৰে। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বিকল্প উপায়ৰ কথা চিন্তা কৰা হৈছে। অন্য পথেৰে খান্দি শ্ৰমিকৰ কাষ চাপিবলৈ চেষ্টা কৰা হ’ব।

উদ্ধাৰকাৰীয়ে সন্মুখৰ পৰা ধ্বংসাৱশেষ খান্দি সুৰংগটোৰ ওচৰ চাপিবলৈ চেষ্টা চলাইছিল। এইবাৰ ওপৰৰ পৰা উলম্বভাৱে খান্দিবলৈ পৰিকল্পনা কৰা হৈছে। তলৰ পৰা বিশেষ কোণ এটা কাটিব নেকি সেই বিষয়েও বিবেচনা কৰা হৈছে। সীমান্ত পথ সংস্থাৰ উদ্যোগত ছিলকিয়াৰালৈকে নতুন পথ নিৰ্মাণৰ কাম চলিছে। দেওবাৰে বিয়লিৰ ভিতৰত পথটো সম্পূৰ্ণ হ’ব বুলি উদ্ধাৰকাৰীসকল আশাবাদী। সেই ৰাস্তাৰে সুৰংগটো পোৱাটো সহজ হ’ব৷

লগতে পঢ়কঃ ICC World Cup 2023: দ্ৰাবিড়ৰ প্ৰশংসা! ৰোহিতে ক’লে ‘মই তেওঁৰ বাবেও বিশ্বকাপ জিকিব বিচাৰো’

সুৰংগটোৰ ৬০ মিটাৰ গভীৰত আবদ্ধ হৈ আছে শ্ৰমিকসকল। এতিয়ালৈকে মাত্ৰ ২৪ মিটাৰ খন্দা হৈছে। ধ্বংসাৱশেষ খনন কৰি তাৰ মাজেৰে পাইপ সোমাই শ্ৰমিকসকলক উলিয়াই অনাৰ পৰিকল্পনা কৰা হৈছে। প্ৰশাসনে কয় যে আৱদ্ধ  ৪০ জন শ্ৰমিকৰ আটাইকেইজনেই সুস্থ আৰু সুৰক্ষিত। তেওঁলোকৰ মাজত অহৰহ যোগাযোগ হৈ আহিছে। পাইপৰ জৰিয়তে খাদ্য, পানী আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা হৈছে। পাইপৰ যোগেদিও পৰিয়ালৰ লোকৰ লগত কথাও পাতিব পাৰিছে।

সময়ৰ যোৱাৰ লগে লগে আৱদ্ধ শ্ৰমিকৰ চিন্তা বাঢ়িছে। চিন্তাত দিন পাৰ কৰিছে পৰিয়ালে। উদ্ধাৰ কামত পলম হোৱাৰ বাবে আন শ্ৰমিকসকলে সেই স্থানতে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে দাবী কৰে যে সেই ৪০ জন লোকক শীঘ্ৰে উদ্ধাৰ কৰিব লাগে। একাংশই এই পলমৰ আঁৰত প্ৰশাসনৰ গাফিলতিকে দোষাৰোপ কৰে। উদ্ধাৰ স্থানত প্ৰশাসনৰ বিৰুদ্ধে শ্লোগান দিয়া হয়।

লগতে পঢ়কঃপ্ৰেমত মচগুল হৈও বিয়ালৈ ভয় শ্ৰুতিৰ; অসমৰ বোৱাৰী হ’বলৈ আৰু কিমান দিন?

শনিবাৰে সেই স্থানলৈ গৈছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এটা বিশেষ দল। পৰিস্থিতি পৰীক্ষা কৰি উদ্ধাৰৰ পাঁচটা উপায় চিনাক্ত কৰে। সেই অনুসৰি শীঘ্ৰে কাম আৰম্ভ হ’ব বুলি প্ৰশাসনে আশাবাদী।