NORTHEAST NOW (Assamese)

আমেৰিকাৰ পেন্টাগনকো পিছ পেলালে ভাৰতে, চুৰাটত নিৰ্মাণ হ’ল বিশ্বৰ বৃহৎ কাৰ্যালয়

December 17, 2023 10:27 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বিশ্বৰ সকলোতকৈ বৃহৎ কাৰ্যালয়ৰ অধিকাৰী হ’ব ভাৰত। চুৰাটত নিৰ্মাণ কৰা হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ কাৰ্যালয়।

দেওবাৰে গুজৰাটৰ চুৰাটত এই কাৰ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই কাৰ্যালয়ৰ নাম হ’ব ‘চুৰাট ডাইমণ্ড বাৰ্চ’।

চুৰাটৰ এই কাৰ্যালয়টো বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট কাৰ্যালয় হ’ব। আমেৰিকাৰ পেন্টাগনতকৈও ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়। বৰ্তমান আমেৰিকাৰ পেন্টাগন বিশ্বৰ সৰ্ববৃহৎ কৰ্পৰেট হাব। বিগত ৮০ বছৰ ধৰি পেন্টাগনে সেই খিতাপ লাভ কৰি আহিছিল। এতিয়াৰ পৰা এই খিতাপ থাকিব ভাৰতৰ লগত।

উল্লেখ্য যে চুৰাটত ‘চুৰাট ডাইমণ্ড বৰ্চ’ নিৰ্মাণৰ বাবে ৩৪০০ কোটি টকা ব্যয় কৰা হৈছে। এই কাৰ্যালয়টো মুঠ ৩৫.৫৪ একৰ মাটিত অৱস্থিত। ১৫ মহলীয়া এই হাবটোত মুঠ ৪৫০০ টা কাৰ্যালয় আছে। এই কাৰ্যালয়টো খুলিলে কমেও ডেৰ লাখ লোকে সংস্থাপন লাভ কৰিব।

যোৱা জুলাই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স হেণ্ডেলত এই হাবৰ উদ্বোধনী সন্দৰ্ভত এটা পোষ্ট দিছিল। আজি সেই কাৰ্যালয় উদ্বোধন  কৰিব নৰেন্দ্ৰ মোদীয়ে।

Related News