NORTHEAST NOW (Assamese)

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

August 2, 2025 3:33 pm · নৰ্থ-ইষ্ট নাও

জন্ম হৈয়েই ইতিহাস ৰচনা কৰিলে এটা নৱজাতকে।  চিকিৎসা বিজ্ঞানত নজীৰ সৃষ্টি কৰিলে এটা ৩০ বছৰীয়া শিশুৱে। আমেৰিকাৰ অহাইঅত জন্মগ্ৰহণ কৰা এই শিশুটো এতিয়া বিশ্বৰ আটাইতকৈ বয়সীয়ালৈ নৱজাতক হিচাপে পৰিগণিত হৈছে।

যোৱা ৩০ বছৰতকৈও অধিক সময় ফ্ৰীজত ৰখা এটা ভ্ৰণৰ পৰা জন্ম হৈছে এই নৱজাতকটি।

২৬ জুলাইত জন্ম গ্ৰহণ কৰা এই শিশুটিৰ নাম ৰখা হৈছে থাডিউছ ডেনিয়েল পিয়ৰ্চ। দম্পতী লিণ্ডচে আৰু টিম পিয়ৰ্ছৰ ঔৰষৰ জন্ম লাভ কৰিছে শিশুটিয়ে।

সেয়া আছিল ১৯৯২ চনৰ কথা। লিণ্ডা অৰ্চাৰ্ড নামৰ এগৰাকী মহিলা আৰু তেওঁৰ স্বামীয়ে আইভিএফৰ জৰিয়তে মুঠ চাৰিটা ভ্ৰূণ সৃষ্টি কৰিছিল। ইয়াৰে এটা ব্যৱহাৰ কৰি ১৯৯৪ চনত তেওঁলোকে এটি কন্যা সন্তান জন্ম দিয়ে। বাকী ভ্ৰূণবোৰ ভৱিষ্যতৰ বাবে ফ্ৰীজত ৰখা হয়।

এনেদৰে বহু সময় পাৰ হৈ গল। স্বামীৰ লগত বিবাহ বিচ্ছেদ ঘটিল লিণ্ডা অৰ্চাৰ্ডৰ। অৱশ্যে বিবাহ বিচ্ছেদৰ পিছত লিণ্ডাই সেই ভ্ৰূণবোৰৰ ওপৰত আইনী অধিকাৰ লাভ কৰিছিল। সেই সময়ত লিণ্ডাই গম পাইছিল যে আমেৰিকাত যেনেকৈ শিশুক দত্তক লব পাৰি, তেনেকৈ ভ্ৰুণো দত্তক লব পাৰি।

প্ৰায় তিনিটা দশকৰ পাছত ২০২৩ চনত সেই ভ্ৰূণটো লাভ কৰে এহাল নিঃসন্তান দম্পতী লিণ্ডচে আৰু টিম পিয়ৰ্ছে। আইভিএফ ক্লিনিকৰ সহায়ত ইয়াক লিণ্ডচেৰ গৰ্ভত প্ৰতিস্থাপন কৰা হয়। কেইমাহমানৰ পাছত থাডিউছ ডেনিয়েল পিয়ৰ্চৰ জন্ম হ যাৰ ভ্ৰুণৰ বয়স জন্মৰ দিনটোত আছিল প্ৰায় ৩১ বছৰ।লিণ্ডচে কয় যে তেওঁ আৰু তেওঁৰ নৱজাত দুয়োজনেই বৰ্তমান সুস্থ। আৰু এই অলৌকিক আইভিএফটো অহাইঅ’ৰ এখন বিশেষ ক্লিনিকত সফল হৈছিল।

Related News