NORTHEAST NOW (Assamese)

অনলাইন গেমৰ পৰিণতি : একেৰাহে তিনিবাৰ হাৰি চৰম সিদ্ধান্ত ল’লে এইজন যুৱকে 

February 18, 2024 10:53 am ·

অনলাইন গেমত বাৰে বাৰে হাৰিছিল এইজন যুৱক। মুঠ তিনিবাৰকৈ অনলাইন গেমত পৰাজয় বৰণ কৰিছিল যুৱকজনে।

তিনিবাৰকৈ প্ৰতিদ্বন্দীৰ হাতত পৰাজিত হোৱাৰ পিছত খং, দুখ আৰু হতাশাত অৱশেষত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে এজন যুৱকে।

খেলত হাৰি নিজৰেই ডিঙিত চোকা ব্লেড হানি আত্মহত্যাৰ চেষ্টা চলালে যুৱকজনে।

ভূৱনেশ্বৰত সংঘটিত হৈছে এই ভয়ানক ঘটনা। 

এই ঘটনাৰ পিছতে যুৱকজনক তৎকালীনভাবে পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰায়। 

সম্প্ৰতি যুৱকজনক   চিকিৎসাধীন হৈ আছে যদিও যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related News