NORTHEAST NOW (Assamese)

আৰক্ষীৰ তালাচীত নগাঁৱৰ পৰা চুৰি হোৱা বাইক বোকাখাতত উদ্ধাৰ

August 1, 2019 12:16 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

বোকাখাত যান-বাহন আৰক্ষীৰ তালাচীত উদ্ধাৰ হ’ল নগাঁৱৰ পৰা চুৰি হোৱা এখন বাজাজ এভেঞ্জাৰ মটৰ চাইকেল। যোৱা ২৫ জুলাইতে নগাঁৱৰ লংকাৰ পৰা চুৰি হৈছিল এ এছ ০২ কিউ ৩৮৪৫ নম্বৰৰ এই বাজাজ এভেঞ্জাৰ মটৰ চাইকেলখন।

বাইকখনৰ গৰাকী ইছমাইল চিদ্দিকৰ ঘৰৰ গ্ৰিল ভাঙি চুৰি কৰিছিল বাইকখন। পিছত বাইকখনৰ গৰাকী ছিদ্দিকে নগাঁৱৰ ৰূপহী থানাত এই সম্পৰ্কত এক এজাহাৰো দাখিল কৰিছিল।

উল্লেখ্য যে বোকাখাতত সঘনাই হৈ থকা মটৰ চাইকেল দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে যোৱা ২৬ জুলাইত বোকাখাত আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীত নথি-পত্ৰ বিহীন প্ৰায় ১৫০ খনৰো অধিক বাইক জব্দ কৰিছিল। এই তালাচীতে জব্দ হৈছিল নগাঁৱৰ পৰা চুৰি হোৱা এভেঞ্জাৰ বাইকখন।

বাইকখন জব্দ হোৱাৰ পাছত চোৰে বাইকখন বোকাখাত থানাৰ চৌহদতে এৰি যায়। কিন্তু পৰৱৰ্তী সময়ত পুনৰ চোৰে বোকাখাত থানাৰ পৰা কৌশলগতভাৱে বাইকখন নিয়াৰ চেষ্টা কৰিছিল যদিও নথি-পত্ৰ দাখিল কৰিব নোৱাৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইফালে বুধবাৰে নগাঁৱৰ ৰূপহী থানাৰ পৰা আৰক্ষী আৰু বাইকখনৰ প্ৰকৃত গৰাকী উপস্থিত হোৱাত এইখন চুৰি বাইক বুলি বোকাখাত আৰক্ষীও নিশ্চিত হয়।

অৱশ্যে বাইকখন উদ্ধাৰ হ’লেও  আৰক্ষীয়ে এই পৰ্যন্ত চোৰজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Related News