NORTHEAST NOW (Assamese)

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

February 3, 2023 9:00 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: February 3, 2023 10:40 am

কথাৰ সদাগৰ নৰেন্দ্ৰ মোডীয়ে কথা মতে কৰিব পৰা নাই কাম। দেশৰ বিভিন্ন চৰকাৰী বিভাগত খালী হৈ পৰি আছে লাখ লাখ পদ। বহু বছৰ ধৰি নিযুক্তি দিয়া হোৱা নাই এইসমূহ পদত। যাৰ বাবে কৰ্মৰত চাকৰিয়াল সকলৰ ওপৰত কামৰ অধিক বোজা পৰাৰ লগতে সময় মতে হোৱা নাই বিভিন্ন চৰকাৰী কাম।

সমগ্ৰ দেশৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত সৰ্বাধিক খালী পদ আছে ৰে’ল মন্ত্ৰালয়ৰ। ৰে’লৱেত খালী হৈ আছে প্ৰায় ২.৯৩ লাখ পদ। দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা মন্ত্ৰালয় দুটা প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় খালী পদৰ ক্ষেত্ৰত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে হয়তো নিজেই বুজি পাইছে যে কৰ্মসংস্থাপনৰ বিষয়ত কেন্দ্ৰই কোনো উদ্যোগ লোৱা নাই বাবেই যুৱকযুৱতীৰ এক বৃহৎ অংশই বিজেপি এৰিছে। সেয়ে মোডী চৰকাৰে যোৱা বছৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত ‘ৰোজগাৰ মেলা’ৰ আয়োজন কৰি নিয়োগৰ আভুৱা ভাৰিছে।

বৃ্হস্পতি বাৰে ৰাজ্যসভাত বিৰোধীৰ প্ৰশ্নৰ উত্তৰত চৰকাৰে কয় যে যোৱা ৰোজগাৰ মেলাত প্ৰায় লাখ লাখ লোকে চাকৰি পাইছে।

ৰাজ্যসভাত আপৰ সাংসদ সঞ্জয় সিঙে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত শ্ৰম মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে এই মুহূৰ্তত সমগ্ৰ দেশতে চৰকাৰী চাকৰিৰ পদ খালী হৈছে ৯,৭৯,৩২৭টা। তাৰ ভিতৰত খালী পদৰ অধিকাংশই ৰেলৱেত।

ৰে’লৱেত থকা খালী পদৰ সংখ্যা হৈছে ২,৯৩,৯৪৩ টা। আনহাতে প্ৰতিৰক্ষা মন্ত্ৰালয়ত খালী হৈছে ২,৬৪,৭০৬টা পদ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত খালী হৈছে ১,৪৩,৫৩৬টা পদ।

ইয়াৰ পিছতো চৰকাৰৰ দাবী যে প্ৰতি তিনিচাৰি মাহৰ মূৰে মূৰে দেশৰ বিভিন্ন প্ৰান্তত ৰোজগাৰ মেলা অনুষ্ঠিত হৈ আছে।

Related News