NORTHEAST NOW (Assamese)
অসম

এইবাৰ খেৰী ঘটনাৰ ন্যায় বিচাৰিলে বিজেপি সাংসদে, ক’লে, “দায়বদ্ধতা থাকিব লাগিব”

October 7, 2021 3:18 pm
BJP MP Varun Gandhi on Lakhimpur incident

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত কৃষক হত্যাৰ ঘটনাৰ ন্যায় বিচাৰিলে এজন বিজেপি সাংসদে।

বিজেপি সাংসদ বৰুণ গান্ধীয়ে বৃহস্পতিবাৰে “কৃষকসকলৰ নিৰীহ তেজৰ প্ৰতি দায়বদ্ধতা” প্ৰদৰ্শন কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক আহ্বান জনায়।

টুইটাৰত লখিমপুৰ খেৰী ঘটনাৰ এটা ভিডিঅ’ পোষ্ট কৰি তেওঁ কয়, “ভিডিঅ’টো স্ফটিকৰ দৰে পৰিষ্কাৰ। প্ৰতিবাদকাৰীসকলক হত্যাৰ জৰিয়তে নীৰৱ কৰিব নোৱাৰি। কৃষকসকলৰ নিৰীহ তেজৰ বাবে দায়বদ্ধতা থাকিব লাগিব আৰু প্ৰতিজন কৃষকৰ মনত হিংসা আৰু নিষ্ঠুৰতাৰ বাৰ্তা প্ৰৱেশ কৰাৰ আগতে ন্যায় প্ৰদান কৰিব লাগিব।”

টুইটাৰত তেওঁ এটা 37 ছেকেণ্ডৰ ভিডিঅ’ পোষ্ট কৰিছিল য’ত এখন দ্ৰুতবেগী মহিন্দ্ৰা থাৰ জীপে মানুহক মহতীয়াই নিয়া দেখা গৈছে।

এই অতৰ্কিত আক্ৰমণৰ পিছতে মানুহে চিঞৰি চিঞৰি কান্দি থকাৰ সময়তে জীপখনৰ পিছে পিছে আন দুখন বাহনেও প্ৰতিবাদকাৰী কৃষকক মহতীয়াই নিয়া দেখিবলৈ পোৱা গৈছে ভিডিওটোত।

 

ছ’চিয়েল মেডিয়ালত ভাইৰেল হৈ পৰা ভিডিঅ’টো লখিমপুৰ খেৰীত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ দিনা লোৱা হৈছিল।

গান্ধীয়ে লখিমপুৰ খেৰীত সংঘটিত ঘটনাৰ সমালোচনা কৰি কৃষকসকলৰ মৃত্যুৰ সৈতে জড়িত লোকসকলক গৰিহণা দিছে আৰু চৰকাৰক এই ঘটনাত দায়বদ্ধ হ’বলৈ আহ্বান জনাইছে।

“এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু ই দেশৰ বাবেও বিপদজনক। কিয়নো সংগ্ৰামকাৰী কৃষকসকলে কি কৈছে বুজি পোৱাৰ পৰিৱৰ্তে আমি তেওঁলোকৰ বাবে বিৰক্তিকৰ ভাষা ব্যৱহাৰ কৰা আৰম্ভ কৰিব নোৱাৰো।” বৰুণ গান্ধীয়ে কয়।

তেওঁ বিজেপিৰ মুখপাত্ৰ হৰিশ চন্দ্ৰ শ্ৰীবাস্তৱে দেওবাৰে সংঘটিত হিংসাৰ বাবে “খলিস্তানি” উপাদানক দোষাৰোপ কৰি কৰা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰুণ গান্ধীয়ে মন্তব্য কৰে।

কৃষকসকলৰ পক্ষত থিয় দি গান্ধীয়ে কয়, “কৃষকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নি: স্বাৰ্থ ভাৱে আমাৰ ৰাষ্ট্ৰক সুৰক্ষা দিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। যদি আমি তেওঁলোকৰ বিষয়ে অপমানজনক আৰু নিষ্ঠুৰ ভাষাত কথা পাতিবলৈ যাওঁ, তেন্তে ই কেৱল অন্যায় আৰু নিষ্ঠুৰ নহয়, এতিয়াও শান্ত হৈ থকা কৃষকসকলক উচতনি দিয়াৰ দৰে হ’ব।”