NORTHEAST NOW (Assamese)
অসম

চাৰিচকীয়া বাহনত অকলে যাত্ৰা কৰাৰ সময়ত মাস্ক পিন্ধাৰ নিৰ্দেশনা দিয়া নাই স্বাস্থ্য মন্ত্ৰ্যালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 8:12 pm
চাৰিচকীয়া বাহনত অকলে যাত্ৰা কৰাৰ সময়ত মাস্ক পিন্ধাৰ নিৰ্দেশনা দিয়া নাই স্বাস্থ্য মন্ত্ৰ্যালয়ে

চাৰিচকীয়া বাহন অকলে চলাই যোৱাৰ সময়ত মাস্ক পৰিধান নকৰিলে নিৰ্দেশনা উলংঘা কৰা আৰু জৰিমণাৰ সন্মুখিন হোৱা সন্দৰ্ভত কোনোধৰণৰ নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা নাই বুলি নিশ্চিতি প্ৰকাশ কৰিছে।

অৰ্থাৎ চাৰিচকীয়া বাহনত অকলে যাত্ৰা কৰিলে মাস্ক নিপিন্ধিলেও কোনোধৰণৰ জৰিমণাৰ সন্মুখিন হ’বলগীয়া নহয় বুলি স্বাস্থ্য বিভাগৰ ঘোষণাৰ পাছত নিশ্চিত হয়।

”যদিহে আপুনি দলীয়ভাৱে বাহনত যাত্ৰা কৰিছে তেন্তে মাস্কৰ প্ৰয়োজন হ’ব কিন্তু চাইকেল অথবা দুচকীয়া বাহন অকলে চলাই যোৱাৰ সময়ত মাস্ক পিন্ধাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ কোনোধৰণৰ নিৰ্দেশনা নায়,” স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সময়ত দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হিচাপে নিৰ্দেশনা জাৰি কৰিছিল।

বহু ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে জৰিমণাৰ ব্যৱস্থা কৰিছে।