NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় শিৱিৰত দীপক পুনিয়াকে ধৰি তিনিগৰাকী মল্লযোদ্ধা কোভিড-১৯ প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 8:31 pm

চোনিপাতত থকা ৰাষ্ট্ৰীয় মল্লযুদ্ধ শিৱিৰত অনুশীলন কৰি থকা ভাৰতীয় মল্লযুদ্ধ দলৰ তিনিগৰাকী পুৰুষ মল্লযোদ্ধাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ক’ৰ’না প’জিটিভ হোৱা মল্লযোদ্ধ কেইগৰাকী হৈছে ক্ৰমে বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজেতা দীপক পুনিয়া (৮৬ কেজি), নবীন (৬৫ কেজি) আৰু  ক্ৰিশান (১২৫ কেজি)।

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশিত প্ৰেছ বিবৃতিত মল্লযোদ্ধা তিনিগৰাকীৰ শৰীৰত পৰীক্ষাৰ সময়ত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে বুলি প্ৰকাশ কৰা হয়।

ক’ৰ’না প’জিটিভ হোৱা তিনিওগৰাকী খেলুৱৈকে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰাধিকৰণৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী তাৰকা মল্লযোদ্ধা বিনেশ ফোগটৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

২৮ আগষ্টত বিনেশ ফোগট ক’ৰ’না প’জিটিভ হৈছিল বুলি খেলুৱৈ গৰাকীয়ে নিজেই টুইট কৰিছিল।

২৬ বছৰীয়া বিনেশ ফোগট একমাত্ৰ ভাৰতীয় মহিলা মল্লযোদ্ধা যিয়ে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।