NORTHEAST NOW (Assamese)
Popular Stories

অনুৰাগীক হতাশ কৰি মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে ক’লে, ‘সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইক দিয়া নহয়’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 8:07 am
Sushant-Singh-Rajput-Commits-Suicide new

বুলিউদৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত চিবিআইক অৰ্পণ কৰা নহয়।

এই কথা স্পষ্টৰূপে ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। বুধবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে চৰকাৰৰ স্থিতি স্পষ্ট কৰি এইদৰে কয়।

উল্লেখ্য যে, সমগ্ৰ দেশজুৰি সুশান্তৰ অনুৰাগীয়ে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অসুন্ধানকাৰী সংস্থা চিবিআইক অৰ্পণ কৰাৰ দাবী উত্থাপন কৰি আহিছিল।

বুধবাৰে মহাৰাষ্ট্ৰ গৃহমন্ত্ৰী দেশমুখৰ এই ঘোষণাৰ পিছত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকল হতাশ হোৱা পৰিলক্ষিত হৈছে।

ইফালে সুশান্তৰ অনুৰাগীৰ প্ৰৱল দাবীৰ ফলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰাও মহাৰাষ্ট্ৰ চৰকাৰলৈ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছিল।

লোক জনশক্তি পাৰ্টিৰ প্ৰধান চিৰাগ পাছোৱান আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ পুত্ৰ পাৰ্থ পাৱাৰেও মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ পত্ৰ লিখি সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক অপৰ্ণ কৰিবলৈ অনুৰোধ জনাইছিল।

পিছে ৰাজ্যখনৰ গৃহমন্ত্ৰীয়ে এই তদন্ত ভাৰ চিবিআইক অৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছে।

লগতে পঢ়ক : জীৱন্ত অৱস্থাতে সুশান্তক ভাবুকি দিছিল ৰীয়াই : ফেব্ৰুৱাৰীতে জনোৱা হৈছিল মুম্বাই আৰক্ষীক

“ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে আমি জানো যে মুম্বাই আৰক্ষীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয়টো তদন্ত কৰিছে। সেয়ে তদন্তৰ দায়িত্ব তেওঁলোকৰ হাততে থাকিব, চিবিআইক দিয়াৰ কোনো প্ৰশ্নই অহা নাই।” মহাৰাষ্ট্ৰ গৃহমন্ত্ৰী অনিল দেশমুখে কয়।

ইফালে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ জোঁকাৰণি এতিয়াও বলিউদত মাৰ যোৱা নাই।

যোৱা মঙলবাৰে সুশান্তৰ চৰ্চি প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ১৬ দফীয়া অভিযোগৰে সুশান্তৰ পিতৃ কৃষ্ণকুমাৰ সিঙে পাটনাত এজাহাৰ দাখিল কৰিছে।

সুশান্তৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১, ৩৪২, ৩৮০, ৪০৬, ৫০৬ আৰু ৩০৬ ধাৰাত ৰীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

ৰীয়াই সুশান্তৰ একাউন্টৰ পৰা ১৫ কোটি টকা কোনো অজ্ঞাত ব্যক্তিলৈ ট্ৰেঞ্চফাৰ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে।