NORTHEAST NOW (Assamese)

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

May 20, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 20, 2025 8:35 pm

ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ। ২-৩ দিনলৈ ৰাজ্যত হব ধাৰাসাৰ বৰষুণ। গুৱাহাটীতো হব নেৰা-নেপেৰা বৰষুণ। বিগত কেইবাদিনো ধৰি অসমৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈ থকা দেখা গৈছে।

গুৱাহাটীতো বিগত কিছুদিন ধৰি হৈ আছে ধাৰাসাৰ বৰষুণ। ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ ভিন্নপ্ৰান্তত সৃষ্টি হৈছে কৃত্ৰিম বান। অসমত ২০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ৰাজ্যৰ ১৩খন জিলাত হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে। ঠাইবিশেষে ভূমিস্খলনৰ হোৱাৰো সম্ভাৱনা আছে। বৰাক উপত্যকা আৰু ধুবুৰী-দক্ষিণ শালমাৰাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হব বুলি জানিব পৰা গৈছে।

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, গোৱালপাৰা, নলবাৰী, কামৰূপ (গ্ৰাম্য), কামৰূপ (মহানগৰ) জিলাত আজি হালধীয়া এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিত জিলাত আজি হালধীয়া এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

আজিও নিশা গুৱাহাটী মহানগৰীত হব তীব্ৰ বৰষুণ হব। মহানগৰ প্ৰশাসনক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ। পানী বেছি হোৱা স্থানত যান-বাহনৰ গতিবেগ হ্ৰাস কৰাৰ আহ্বান জনাইছে।

জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে।

Related News