NORTHEAST NOW (Assamese)

ৰাজ্যৰ ১২খনকৈ জিলাত হ’ব বৰষুণ! বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

June 11, 2025 4:45 pm · এন ই নাও নিউজ, গুৱাহাটী

উৎকট গৰমৰ প্ৰকোপত দহিছে ৰাজ্য। ইয়াৰ মাজতে বতৰ বিজ্ঞান আজি ১২খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে।

কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া আজি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আনফালে বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, হোজাই আৰু কাৰ্বি আংলং জিলাত আজি বতৰ বিজ্ঞান উৎকট গৰমৰ প্ৰকোপ পৰাৰ সম্ভাৱনা আছে।

গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি, হাইলাকান্দি, যোৰহাট, শিৱসাগৰ, মাজুলী, ডিব্ৰুগড়, চৰাইদেউ জিলাত বৃহস্পতিবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বাক্সা, তামুলপুৰ, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও জিলাত বৃহস্পতিবাৰে বতৰ বিজ্ঞান উৎকট গৰমৰ প্ৰকোপ পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

Related News