NORTHEAST NOW (Assamese)

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

June 24, 2025 5:59 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 24, 2025 6:00 pm

অসমত পুনৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। প্ৰবল ধুমুহা-বৰষুণে কঁপাব পাৰে সমগ্ৰ ৰাজ্য।

ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰৰ বাবে জাৰি কৰিছে সতৰ্কবাণী।

মঙলবাৰৰ বাবে ৰাজ্যৰ ২৩খন জিলাত জাৰি কৰা হৈছে ইয়েল্ল সতৰ্কতা। আজিৰ দিনটোৰ বাবে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, কামৰূপ, কামৰূপ (মেট্ৰ), ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, হোজাই, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ আৰু কাৰ্বি আংলং জিলাৰ লগতে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া ইয়েল এলাৰ্ট জাৰি কৰা হৈছে।

একেদৰে, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

Related News