NORTHEAST NOW (Assamese)
জীৱনশৈলী

গৰম দিনত আঁতৰি থকাই ভাল এইবোৰ খাদ্যৰ পৰা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 7, 2024 4:23 pm

গৰম দিন আহি পালেই। এপ্ৰিল মাহতেই এইবাৰ জুন জুলাইৰ দৰে গৰম পৰিবলৈ আৰম্ভ কৰিছে। গৰমে সকলোৱে অস্বস্তিত পেলাইছে। অত্যধিক গৰমৰ পৰা বাচি থাকি স্বাস্থ্যৰ বিশেষ যতন লোৱাৰ ল’বলগা হৈছে। গৰমত স্বাস্থ্য ভালে ৰখাৰ বাবে কিছুমান খাদ্য পৰিহাৰ কৰাতো খুবেই দৰকাৰী। জানো আহক গৰম দিনত কোনবোৰ খাদ্যৰ পৰা আমি দূৰৈত থকা উচিত – 

গৰম আৰু মচলাযুক্ত খাদ্য

যদিও মচলা, জাইফল, সৰিয়হ, জলকীয়া, আদা আৰু দালচেনিৰ দৰে উপাদান আমাৰ শৰীৰৰ বাবে উপকাৰী, তথাপিও গ্ৰীষ্মকালত ইয়াক কমকৈ ব্যৱহাৰ কৰা উচিত। কাৰণ ই বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি কৰে আৰু শৰীৰত উত্তাপৰ সৃষ্টি কৰে। এনে খাদ্য পৰিহাৰ কৰাটো ভাল কাৰণ ইয়াতো প্ৰচুৰ পৰিমাণে তেল আৰু মছলা থাকে। এনে খাদ্য খালে গ্ৰীষ্মকালত পেট বেয়া হ’ব পাৰে।

ফ্ৰাইড ফুড, জাংক ফুড আৰু ষ্ট্ৰীট ফুড

ডিপ ফ্ৰাইড ফাষ্ট ফুড যেনে চিঙৰা, ভুজিয়া, জাংক ফুড, বাৰ্গাৰ, পিজ্জা, ফ্ৰেঞ্চ ফ্ৰাই আদি খাদ্য গৰমৰ দিনত হজম কৰাটো কঠিন। এই খাদ্যবোৰে আপোনাৰ হজম শক্তি মন্থৰ কৰি তুলিব পাৰে। এনে খাদ্যই আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

মাংস

ৰঙা মাংস, মাটন, গৰুৰ মাংস আদি খাদ্যই শৰীৰত অত্যধিক তাপ সৃষ্টি কৰে। সেয়ে গ্ৰীষ্মকালত ইয়াক পৰিহাৰ কৰাটো ভাল। লগতে মাংস সঠিকভাৱে ফ্ৰীজত নাৰাখিলে ই গ্ৰীষ্মকালত সহজেই দূষিত হয় আৰু সেয়েহে গ্ৰীষ্মকালত এনে খাদ্য বিষক্ৰিয়াৰ এটা সাধাৰণ কাৰণ।

তন্দুৰী

তন্দুৰিত সোৱাদ দিবলৈ ব্যৱহাৰ কৰা গ্ৰীলিং আৰু মছলাৰ মিশ্ৰণে গ্ৰীষ্মকালত গেষ্ট্ৰিকৰ সমস্যাৰ সৃষ্টি কৰে বুলি জনা যায়। লগতে তন্দুৰীৰ সোৱাদ বৃদ্ধি কৰিবলৈ সামান্য জ্বলাই দিয়ে হয়, যিয়ে পেটৰ সমস্যাৰ সৃষ্টি কৰে।

আইচক্ৰীম আৰু কল্ড ড্ৰিংকছ

আইচক্ৰীম আৰু শীতল পানীয় দুয়োটাই শৰীৰত উত্তাপ বৃদ্ধি কৰে। এই দুই খাদ্যই গৰমৰ পৰা সকাহ দিয়াৰ পৰিৱৰ্তে খোৱাৰ কেইমিনিটমানৰ পিছত পেটটো গৰম কৰি তোলে।

চাহ আৰু কফি

গৰমত চাহ আৰু কফি উভয়তে থকা কেফেইনে আপোনাৰ শৰীৰত প্ৰভাৱ পেলায়। লগতে কেফেইন অতিৰিক্তভাৱে গ্ৰহণ কৰিলে শৰীৰ গৰম হোৱাৰ সম্ভাৱনা থাকে আৰু ই আপোনাৰ টোপনিতো প্ৰভাৱ পেলাব পাৰে।

শুকান ফল

শুকান ফল অত্যন্ত স্বাস্থ্যকৰ হ’লেও ইয়াত পানীৰ পৰিমাণ অতি কম, চেনিৰ পৰিমাণ অতি বেছি। এনে খাদ্যই শৰীৰৰ তাপ বৃদ্ধি কৰে বুলি জনা যায়। গতিকে, গৰমৰ দিনত শুকান ফলৰ পৰিমাণ কম কৰি তাৰ পৰিৱৰ্তে সতেজ ফলৰ ওপৰত গুৰুত্ব দিয়াটো বাঞ্ছনীয়।

চচ আৰু প্ৰচেছড ফুড

এইবোৰত অধিক মাত্ৰাত নিমখ, সংৰক্ষক আৰু কৃত্ৰিম সোৱাদযুক্ত পদাৰ্থ থাকে যিবোৰ আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক।

চেনিযুক্ত পানীয়

গৰমত খোৱা চেনিযুক্ত পানীয়ই কেলৰিৰ পৰিমাণ বৃদ্ধি কৰে। ই ওজন বৃদ্ধি আৰু ডায়েবেটিছৰ সাধাৰণ কাৰণ। ইয়াৰ উপৰিও এনে পানীয়ই আমাৰ শৰীৰত পানী নোহোৱা কৰি বৃক্কত প্ৰভাৱ পেলায়।