NORTHEAST NOW (Assamese)

প্ৰথমে পুৰুষে ব্যৱহাৰ কৰিবৰ বাবেই সৃষ্টি কৰা হৈছিল চেনিটেৰী নেপকিনকে ধৰি এইকেইবিধ সামগ্ৰী : জানিলে আচৰিত হ’ব আপুনি

December 4, 2024 7:03 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 3, 2024 7:29 pm

যদিও লিংগ বৈষম্য দূৰ কৰাৰ বাবে হাজাৰ হাজাৰ যুক্তি আছে, তথাপিও কিছুমান বস্তু আছে যিবোৰ পুৰুষ আৰু মহিলাই একেলগে ব্যৱহাৰ কৰিব নোৱাৰে। যেনে মহিলাৰ শাৰী, গহনা, হাই হিল ইত্যাদি।

কিন্তু আপুনি জানেনে যে কিছুমান বস্তু আছে যিবোৰ প্ৰথমে পুৰুষৰ বাবে তৈয়াৰ কৰা হৈছিল যদিও এতিয়া সেইবোৰ বস্তু পুৰুষৰ সলনি মহিলাসকলেহে ব্যৱহাৰ কৰে

আজিৰ প্ৰতিবেদনত এনে চাৰিটা বস্তুৰ কথা ক’বলৈ ওলাইছোঁ যিবোৰ প্ৰথমে পুৰুষৰ ব্যৱহাৰৰ বাবে সৃষ্টি কৰা হৈছিল। কিন্তু আজি পুৰুষৰ সলনি মহিলাই ব্যৱহাৰ কৰিছে।

গোলাপী ৰং : ছোৱালীৰ মাজত গোলাপী ৰং অতি জনপ্ৰিয়। কাপোৰৰ পৰা আৰম্ভ কৰি আন যিকোনো বস্তুলৈকে গোলাপী ৰং বেছিভাগ মহিলাই পছন্দ কৰে। কিন্তু ১৮ শতিকালৈকে গোলাপী ৰঙৰ লগত যুদ্ধক্ষেত্ৰৰ সম্পৰ্ক আছিল। গোলাপী ৰং পুৰুষৰ ৰং বুলি ভবা হৈছিল।

চেনিটেৰী নেপকিন : আপুনি জানেনে যে চেনিটেৰী নেপকিন প্ৰথমে পুৰুষৰ বাবে নিৰ্মাণ কৰা হৈছিল? ফ্ৰান্সৰ যুদ্ধৰ সময়ত যুদ্ধক্ষেত্ৰত সৈনিকৰ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ নাৰ্ছসকলে ইয়াক তৈয়াৰ কৰিছিল। আজি সমগ্ৰ বিশ্বৰ মহিলাসকলে ঋতুচক্ৰৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে।

হাই হিল : মহিলাৰ হাই হিল আচলতে পুৰুষৰ বাবে তৈয়াৰ কৰা হৈছিল। যুদ্ধ কৰিবলৈ আৰু ঘোঁৰাত উঠিবলৈ পুৰুষে হাই হিল ব্যৱহাৰ কৰিছিল। আচলতে ঘোঁৰাত উঠি হাই হিল পিন্ধিলে ভৰিৰ গ্ৰিপটো শক্তিশালী হয় । পিছলৈ মহিলাসকলে পুৰুষৰ সলনি হাই হিল পিন্ধিবলৈ আৰম্ভ কৰে।

কাণফুলি : বৰ্তমান কাণফুলি প্ৰধানকৈ মহিলাসকলে ব্যৱহাৰ কৰে। কিছুমান পুৰুষেও চখ হিচাপে কাণত সৰু সৰু লকেট পিন্ধে। কিন্তু কাণফুলি প্ৰথমে পুৰুষৰ বাবে বনোৱা হৈছিল। পাৰ্চী পুৰুষে প্ৰথমে কাণফুলি পিন্ধিবলৈ শিকিছিল।

Related News