NORTHEAST NOW (Assamese)

সাংবাদিক দিলৱাৰ হুছেইনক বিনাচর্তে মুক্তি আৰু এপেক্স বেঙ্কৰ কেলেঙ্কাৰীৰ তদন্তৰ দাবী নাগৰিক সংগঠনসমূহৰ

March 28, 2025 9:18 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 28, 2025 8:23 pm

এপেক্স বেঙ্কত চলি থকা অর্থনৈতিক কেলেঙ্কাৰীৰ বিৰুদ্ধে সংঘটিত এক বিক্ষোভৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ সংবাদিকৰ দায়িত্ব পালন কৰাৰ অপৰাধত ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক কিছুদিন পূর্বে গ্ৰেপ্তাৰ কৰা হৈছিল।

আদালতৰ পৰা জামিন লাভৰ পাছতো কালি সাংবাদিক গৰাকীক নতুন গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক অসম নাগৰিক সমাজ, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী নাগৰিক সমন্বয় সমিতি, সুস্থ সমাজ বিকাশ চক্ৰ আৰু অসম চিভিল ছচাইটিয়ে গভীৰ উদ্বেগ প্রকাশ কৰিছে আৰু সাংবাদিক গৰাকীক বিনাচতে মুক্তি দিবলৈ দাবী জনাইছে।

দিলৱাৰ হুছেইন মজুমদাৰক আক্রোশমূলকভাবে পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্য সংবাদ মাধ্যমৰ প্রতি প্রত্যক্ষ আক্রমণ আৰু সংবিধান প্রদত্ত বাক স্বাধীনতাৰ ওপৰত হস্তক্ষেপ বুলি আমি নাগৰিক সংগঠন চাৰিওটাই গণ্য কৰে।

সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত চৰকাৰৰ আক্ৰমণৰ বিৰুদ্ধে নাগৰিক সমাজ সদায় সাংবাদিকসকলৰ লগত থাকিব বুলিও আমি চৰকাৰক সকীয়াই দিয়ে সংগঠনকেইটাই। আনহাতে এপেক্স বেঙ্কত অর্থনৈতিক কেলেঙ্কাৰী সংঘটিত হোৱা বুলি তথ্য সহকাৰে উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত চৰকাৰ আৰু বেঙ্ক কর্তৃপক্ষ যি ধৰণে প্রতিহিংসা পৰায়ণ হৈ পৰিছে ইয়ে উক্ত অভিযোগৰ সত্যতা প্রমাণ কৰিছে বুলি নাগৰিক সংগঠনসমূহ পতিয়ন গৈছে আৰু উক্ত কেলেঙ্কাৰীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

Related News