NORTHEAST NOW (Assamese)

চোৰক পালে মোৰে! চুৰি কৰিবলৈ গৈ মন্দিৰৰ ভিতৰতে শুই পৰিল জাৰত কঁপি থকা চোৰে

December 17, 2020 5:48 pm · এন ই নাও নিউজ
ফটো: সংগৃহিত।

জাৰত কঁপি থাকিলে কি হ’ব পাৰে? সন্তৰ্পনে চোৰ কৰিও ওলাই আহিব নোৱাৰি। তাতেই মন্দিৰৰ ভিতৰৰ গৰম বিচনাৰ উমৰ আকৰ্ষণ কেনেকৈ এৰিব পাৰে। আৰু তাতে যদি  শেষ নিশাৰ টোপনিয়ে আমনি কৰি থাকে?

এনে এক ঘটনাই ঘটিল এইবাৰ। আৰক্ষীয়ে আহি টোপনি ভাঙি দিবলগীয়া হ’ল চোৰৰ। মধ্য প্ৰদেশৰ সাজাপুৰত ঘটিছে এনে এক বিচিত্ৰ ঘটনা।

বাতৰি অনুসৰি, সাজাপুৰৰ লালবাই-ফুলবাই মাতাৰ মন্দিৰত চোৰে ত্ৰিশূলেৰে তলা ভাহি মন্দিৰত প্ৰৱেশ কৰে। তাৰপাছত দেবীৰ অলংকাৰ তথা মন্দিৰৰ আন সা-সামগ্ৰী চুৰি কৰিলে। কিন্তু ভিতৰত এখন বিছনা দেখি জাৰতি কঁপি থকা চোৰজনে অলপ শুই লোৱাৰ কথা ভাৱিলে।

অলপ জিৰণিৰ ভাৱটোৱে লাহে লাহে গভীৰ নিদ্ৰাত পৰিণত হ’ল। পুৱাই মন্দিৰৰ কৰ্মচাৰী আহি চোৰজনক তেতিয়াও শুই থকা দেখা পালে। লগে লগে দিলে আৰক্ষীক খৱৰ। তেতিয়াও গভীৰ নিদ্ৰাত আছন্ন হৈ আছিল চোৰ।

আৰক্ষীয়ে আহি জগাই দিয়াৰ চেষ্টা কৰে যদিও আৰু অলপ শুই ল’বলৈ বিচাৰিছিল চোৰজনে। অৱশ্যে, আৰক্ষীয়ে চোৰৰ এনে অনুৰোধ ৰক্ষা কৰিব পৰা নাছিল।

তেনেকুৱা অৱস্থাতে থানালৈ লৈ যোৱা হয় চোৰক। তাত টোপনি ভাঙিল যদিও বিভ্ৰমত পৰে চোৰ। আনকি নিজৰ নামো পাহৰিলে।

স্থানীয় লোকৰ বহুতেই বিশ্বাস ব্যক্ত কৰিছে যে এয়া দেবীৰে কৃপা যাৰ বাবে চোৰে চোৰ কৰিবলৈ গৈ টোপনিত ঢলি পৰিল। দেবীৰ অলংকাৰ চুৰি কৰিবলৈ চেষ্টা কৰাৰ বাবেই এনে অৱস্থা হ’ল চোৰৰ।

মন্দিৰৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়ে যে ইয়াৰ পূৰ্বেও কেইবাবাৰো মন্দিৰৰ সামগ্ৰী চুৰি কৰাৰ চেষ্টা চলিছিল। ইয়াৰ আগেয়ে যিয়ে মন্দিৰৰ মূল্যবান সামগ্ৰী চুৰি কৰিছিল সেইবোৰ কেইদিনমান পাছত মন্দিৰৰ চৌহদত থৈ গৈছিল।

অৱশ্যে, আৰক্ষীয়ে ধাৰণা কৰিছে যে থানাৰ চাৰিবেৰ দৰ্শন কৰাৰ পাছতে উপায়হীন হৈ চোৰজনে স্মৃতি বিভ্ৰমৰ নাটক কৰিছে। আৰক্ষীয়ে চোৰজনৰ পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

Related News