NORTHEAST NOW (Assamese)
অসম

চাৰিজনীয়া গভাইত চোৰে চিনেমাৰ কায়দাৰে হত্যা কৰিলে পশুধনৰ মালিকক

Posted by: বিদ্যুৎ জ্যোতি বৰা December 29, 2018 11:14 am
5cb7f7fb-0938-4f5e-88e9-79d4dcd1e67a

নগাঁও জিলাৰ চামগুৰি আৰক্ষী চকীৰ অধীনৰ মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত বাজিয়াগাঁওৰ বৰমাবিলত চাৰিজনীয়া চোৰৰ দলে পশুধন চুৰি কৰিবলৈ আহি এজনক হত্যা কৰি পলায়ন কৰা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱতি নিশা প্ৰায় ৩-৩০ বজাত এখন নম্বৰ প্লেট বিহীন সৰু গাড়ীত অহা প্ৰায় চাৰিজনীয়া গভাইত চোৰৰ দল এটাই চামগুৰি সমষ্টিৰ বাজিয়াগাঁওৰ বৰমাবিলৰ আইনুল ইছলামৰ ঘৰত প্ৰৱেশ কৰি পশুধনৰ গোহালিত দৰ্জা ভাঙি সোমাই ছাগলী চুৰি কৰি থকাৰ সময়তে গৃহস্থই গম পাই হুলস্থুল লগায়।

চোৰকেইজনে আইনুলৰ ভাতৃ আব্দুল হাইক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ লগতে পৰিয়ালটোৰ আন সদস্য ক্ৰমে আইনুল ইছলাম (ছাগলীৰ গৃহস্থ ), ভায়েক ফইজুল ইছলাম, ছাইকুল ইছলামক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

পৰবৰ্তী সময়ত স্থনীয় লোকৰ একাংশ ঘটনাস্থলীত উপস্থিত হয় যদিও কোনো এজন চোৰক ধৰি ৰাখিবলৈ সক্ষম নহ’ল। ইয়াৰ বিপৰীতে ৰাইজে সৰু গাড়ীখনৰ গ্লাছ ভাঙি পেলোয় যদিও সন্ত্ৰাস সৃষ্টি কাৰী চোৰৰ দলটোৱে আব্দুল হাইক ছাগলীৰ ৰচিৰে গাড়ীত বান্ধি বৰমা লৈকে প্ৰায় সাতশ মিটাৰ ৰাস্তা পৰ্যন্ত পথেৰে চোচৰাই  লৈ যায়।

আনহাতে, ঘটনাৰ পাছতে মোৱামাৰি আৰক্ষীৰ নিৰ্লিপ্ততাৰ অভিযোগ তুলি সমগ্ৰ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইপিনে,পৰবৰ্তী সময়ত মোৱামাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত আব্দুল হাইক বৰমাৰ পথৰ পৰা উদ্ধাৰ কৰি চামগুৰি আৰক্ষী থানাত ৰখাৰ বিপৰীতে আৰক্ষীয়ে এই পৰ্যন্ত গাড়ী তথা গভাইত চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।