NORTHEAST NOW (Assamese)

নগাঁৱৰ বটদ্ৰৱাত দিনদুপৰতে চোৰে লুটিলে সোণৰ গহনাকে ধৰিলে বহু সামগ্ৰী

October 29, 2018 10:40 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

নগাঁৱৰ বটদ্ৰৱাত আজি দিন দুপৰতে চুৰি কাৰ্য সংঘটিত হয়। বটদ্ৰৱা সৰুহিছা গাঁৱৰ নিবাসী উপেন কাকতিৰ ঘৰত আজি দিনদুপৰতে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ এচিব’ৰ্ড ভাঙি প্ৰৱেশ কৰি চোৰে লুটপাত চলায়।

পিছত কাকতিৰ পত্নী সুমিত্ৰা ঘৰলৈ আহি ভিতৰৰ কোঠা আৰু পিছফালৰ দুৱাৰ খোলা দেখা পোৱাতহে ঘটনাৰ বিষয়ে জানিব পাৰে আৰু আৰক্ষীক অৱগত কৰে।

ইফালে বটদ্ৰৱা আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

প্ৰাপ্ত তথ্য মতে পাচঁটা সোণৰ আঙঠি, সোণৰ চেইন এডাল, সোণৰ খাৰু চাৰিজোৰ, সোণৰ কাণফুলি এজোৰ, মবাইল হেণ্ডচেট তিনিটাকে ধৰি কাঁহৰ বাচন-বৰ্তন চোৰে চুৰি কৰি নিয়ে।

Related News