NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত চোৰৰ তাণ্ডৱত অসহায় আৰক্ষী; চিলনী চোৰে থপিয়াই নিলে টকাৰ বেগ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 27, 2019 8:10 pm
Sivasagar News

ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ এতিয়া চোৰৰ উপদ্ৰপৰ বাবে বিখ্যাত হৈ পৰিছে। দৈনিক ইটোৰ পাছত সিটো চুৰি কাণ্ডই শিৱসাগৰ আৰক্ষীক একপ্ৰকাৰ অসহায় কৰি তুলিছে।

১৫ আগষ্টৰ পাছৰে পৰা শিৱসাগৰৰ বিভিন্ন স্থানত চোৰে লুট পাট চলাই আহিছে। চহৰখনৰ বহু কেইটা নামঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, এ টি এমক লক্ষ্য কৰি প্ৰতি দিনেই চোৰে চুৰি কাৰ্য সংঘটিত কৰি আহিছিল যদিও শিৱসাগৰ আৰক্ষীয়ে এটাও চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল।যাৰ বাবে শিৱসাগৰ আৰক্ষী সমালোচনাৰ সন্মুখিন হবলগীয়া হয়।

সোমবাৰে চহৰখনৰ বিভিন্ন স্থানৰ পৰা ৩০ গৰাকী ব্যক্তিক আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰি ইয়াৰে ৫ জনক চুৰি কাৰ্য্যৰ লগত জড়িত থকাৰ বাবে জেললৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে চুৰি হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰি কিছু সকাহ পাইছিল যদিও আজি দিন-দুপৰতে চিলনী চোৰে এজন ব্যক্তিৰ পৰা টকাৰ বেগ থপিয়াই নিয়া ঘটনাই পুনৰবাৰ শিৱসাগৰ আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই দিয়ে।

জানিব পৰা মতে, কালুগাঁৱৰ কুশল কলিতা নামৰ ব্যক্তিজনে কেন্দ্ৰীয় বজাৰৰ ওপৰত থকা ইউনাউটেড বেংক অব ইণ্ডিয়াৰ পৰা সাত হাজাৰ টকা উলিয়াই জে পি আগৰৱালা পথেদি মুক্তিনাথ চাৰি আলিৰ দিশে আহি থকা অৱস্থাত অপ্সৰাৰ সন্মুখত তীব্ৰ বেগী বাইকত উঠি অহা দুটা চিলনী চোৰে ব্যক্তিজনৰ টকাৰ বেগটো থপিয়াই উধাও হয়।

চোৰ দুজনৰ পিছে পিছ এজন যুৱকে স্কুটিৰে খেদি যায় যদিও দুয়ো দ’লমুখ চাৰি আলি হৈ বাবুপট্টীৰ দিশেৰে তীব্ৰ বেগত পলাই যায়।

ইতিমধ্যে, ভূক্তভোগী ব্যক্তিজনে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনাস্থলীৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ চি চি টি ভি ফুটেজ পৰীক্ষা কৰি চোৰ দুটাক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

আনহাতে, শিৱসাগৰত সংঘটিত বৰ্ধিত চুৰিৰ ঘটনা ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱা শিৱসাগৰ আৰক্ষীক সকলোৱে একমুখে ধিক্কাৰ দিয়াৰ লগতে চহৰত আৰক্ষী তহলৰ ব্যৱস্থা অধিক কটকটীয়া কৰি  জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী জনাইছে শিৱসাগৰবাসীয়ে।