ফাঁচি বজাৰত দিন ডকাইতি, লুট কৰি নিলে বেংকৰ ৪০ লাখ টকা

গুৱাহাটী মহানগৰীৰ অতি ব্যস্ত ফাঁচি বজাৰত আজি দিন দুপৰতে এটা ডকাইতিৰ ঘটনা সংঘটিত হয়।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱা মতে, আজি দুপৰীয়া দুখন পালছাৰ মটৰচাইকেলত অহা চাৰিজন দুৰ্বৃত্তই উক্ত স্থানৰ ফেডাৰেল বেংকৰ সন্মুখৰ পৰা ৪০ লাখ টকা লুট কৰি নিয়ে।
দুপৰীয়া ১১.১৫ বজাত ফেডাৰেল বেংকে ৰিজাৰ্ভ বেংকলৈ ১.২ কোটি টকা প্ৰেৰণ কৰিবলৈ ওলাইছিল। তেনে সময়তে ডকাইতৰ দলটোৱে তাৰে ৪০ লাখ টকা লুটি নিয়ে।
ডকাইতিৰ সমগ্ৰ দৃশ্য চি চি টি ভি কেমেৰাত বন্দী হৈ আছিল। ঘটনা সন্দৰ্ভত ফেডাৰেল বেংকৰে এজন কৰ্মচাৰীক সোধা-পোছাৰ বাবে আটক কৰা হৈছে।
টকা নিয়াৰ গাড়ীখনৰ ড্ৰাইভাৰ আৰু আন দুজনক আটক কৰা হৈছে, দীপক কুমাৰে জানিবলৈ দিয়ে।