NORTHEAST NOW (Assamese)

সাৱধান হওক ইণ্টাৰনে’ট ব্যৱহাৰকাৰী, আৰম্ভ অসমৰ আৰক্ষীৰ বিশেষ অভিযান!

September 20, 2018 4:52 pm · এন ই নাও নিউজ
ছবি ইণ্টাৰনেটৰ সৌজন্যত।

আপুনি এই বাতৰিটো ইণ্টাৰনে’টৰ সহায়তে পঢ়ি আছে। বজাৰৰ পৰা মনৰ ভাব বিনিময়লৈকে ইণ্টাৰনে’ট-নিৰ্ভৰ লোকসকলক সাৱধান, সজাগ কৰাৰ বাবেই অহা ২০ ছেপ্তেম্বৰৰ পৰা অসম আৰক্ষীয়ে আৰম্ভ কৰিছে ‘Think Before You Click’ শীৰ্ষক এক বিশেষ অভিযান।

ইউনিচেফ (UNICEF)ৰ সৈতে অসম আৰক্ষীয়ে আৰম্ভ কৰা এই সজাগতা অভিযান দুসপ্তাহ ধৰি চলিব।

চাইবাৰ সুৰক্ষা, ইণ্টাৰনে’টযোগে পৰিচয় চুৰি, ভুৱা বাতৰি, ই মে’ইল ঠগবাজি, অনলাইন বেংকিং ঠগবাজি আদি সম্পৰ্কে জনসাধাৰণক সজাগ কৰিবলৈ এই অভিযানৰ বাবে আৰক্ষীয়ে প্ৰস্তুত কৰিছে বিশেষ চ’চিয়েল মিডিয়া প্ৰচাৰ সমল।

ক্ৰিয়েতিভ ভিজুয়েল আৰু মাল্টিমিডিয়া গ্ৰাফিক্সৰ সহায়ত টুইটাৰ, ফে’ছবুক, ইন্সটাগ্ৰাম, ইউ টিউব আৰু অন্যান্য চ’চিয়েল মিডিয়াত ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা এই অভিযান অফলাইনটো চলিব।

অসম আৰক্ষীৰ লগতে চ’চিয়েল মিডিয়া আৰু ডিজিটেল মিডিয়া বিশেষজ্ঞই বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সজাগ কৰিবৰ বাবে কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্য্যসূচীৰো পৰিকল্পনা কৰিছে।

বৰ্তমান সমাজত বিশেষকৈ যুৱচামৰ মাজত চ’চিয়েল মিডিয়াৰ বৰ্ধিত প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।

Related News