NORTHEAST NOW (Assamese)

ৰাজ্যত বানপানীৰ তৃতীয় ঢৌ; চাৰিখন জিলাৰ ৩৫হাজাৰ লোক ক্ষতিগ্ৰস্ত

August 2, 2022 2:21 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: নৰ্থইষ্ট নাও।

সোমবাৰে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত হোৱা বানপানীৰ তৃতীয়টো ঢৌৱে চাৰিখন জিলাৰ ৩৫ হাজাৰৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে।

কেন্দ্ৰীয় জল আয়োগৰ মতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ আঠখন উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে।

জল আয়োগে মঙলবাৰৰ ভিতৰত তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পূৰ্বানুমান কৰিছে।

পুথিমাৰী, পাগলাদিয়া, বেঁকী আৰু সোণকোষ নদীৰ জলপৃষ্ঠ অহা ২৪ ঘণ্টাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ফটো: নৰ্থইষ্ট নাও।

আয়োগৰ মতে, নামনি অসমৰ পাগলাদিয়া আৰু বেঁকী নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। আনহাতে, সোমবাৰে সন্ধিয়ালৈকে নিমতীঘাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছিল।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) তথ্য অনুসৰি বজালী, চিৰাং, দৰং, ধেমাজি, যোৰহাট, লখিমপুৰ, নলবাৰী, তামুলপুৰ আৰু ওদালগুৰি জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ইপিনে, ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা শুক্লাই নদীৰ মথাউৰি চিঙি যোৱাৰ ফলত ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও মহকুমাৰ অন্তৰ্গত খাগ্ৰাবাৰী, নলবাৰী আদি অঞ্চলৰ খেতি পথাৰৰ লগতে বাট পথ জলমগ্ন হৈ পৰিছে।

লগতে পঢ়ক: চাহ জনগোষ্ঠীৰ বিভিন্ন দাবীৰ সমৰ্থনত বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

নিশা মথাউৰি চিঙি যোৱাৰ অঞ্চলটোৰ প্ৰায় ৪০০ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

নিশাটোৰ ভিতৰতে বানক্ৰান্ত একাংশ লোকে ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰে যদিও ঘৰৰ ধান চাউলকে ধৰি অন্য সা-সম্পত্তি সমূহ বৰ্তমানেও পানীৰ তলত আছে। 

Related News