NORTHEAST NOW (Assamese)
Popular Stories

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ বাবে ৩৩ কোটি টকা আৱন্টন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2020 2:39 pm
India-Bandhavgarh1-National-Park-Tiger-Safari-Male-Bengal

কম্পেনছেটৰি এফৰেষ্টটেশ্যন ফাণ্ড মেনেজমেন্ট এণ্ড প্লেনিং এথ’ৰ্ৰিটি(CAMPA)ৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰকল্পৰ বাবে ২০১৮-১৯ বৰ্ষত ১.৫১ কোটি টকা আৱন্টন কৰা হৈছিল।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী বাবুল ছুপ্ৰিয়ই কয় যে ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষ দুটাত ইয়াৰ পৰিমাণ হৈছে ৫১,২৪,৬৭০ টকা।

ব্যাঘ্ৰ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ক্ৰমে ১০.৩০ আৰু ২২.৮১ কোটি টকা পুঁজি আৱন্টন দিছে।

প্ৰণিধানযোগ্য যে, তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৩ চনত সমগ্ৰ দেশতে ব্যাঘ্ৰ সংৰক্ষণ, সংখ্যা বৃদ্ধি, নিৰাপত্তা প্ৰদান, পৰিভ্ৰমণ ভূমি তথা বনানি সংৰক্ষণ আদিৰ লগতে জৈৱ বৈচিত্ৰৰ প্ৰতি লক্ষ্য ৰাখি ব্যাঘ্ৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল।

উল্লেখ্য যে অসম চৰকাৰেও বন সংৰক্ষণ, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ উন্নয়ন, গঁড়ৰ লগতে অন্যান্য বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিজাববীয়াকৈয়ো প্ৰচেষ্টা লৈ আহিছে।