NORTHEAST NOW (Assamese)

মাত্ৰ ১২ বছৰ বযয়তে ‘এৰ’স্পেছ ইঞ্জিনিয়াৰিং’ অধ্যয়নৰ সুযোগ লাভ কৰি নজিৰ সৃষ্টি কৰা এই শিশুটি কোন ?

October 15, 2020 6:58 am · এন ই নাও নিউজ
Updated: October 15, 2020 7:05 am

অবিশ্বাস্য হ’লে সত্য যে মাত্ৰ  ১২ বছৰ বয়সতে এটি শিশুৱে ‘এৰ’স্পেছ ইঞ্জিনিয়াৰিং’ অধ্যয়নৰ বিৰল বাবে সুযোগ লাভ কৰিছে।

মহাকাশ সংক্ৰান্তীয় অত্যন্ত কঠিন বিষয়সমূহ অধ্যয়নৰ বাবে বাছনি হোৱা এই ১২ বছৰীয়া শিশুটি হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চালেব এণ্ডাৰছন।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া বিশ্ববিদ্যালয়ত এই কঠিন বিষয়ৰ অধ্যয়নৰ সুযোগ লাভ কৰা এণ্ডাৰছনে হৈছে বিশ্বৰ ইতিহাসত আইটাতকৈ কণিষ্ঠতম শিক্ষাৰ্থী।

অতি মেধাৱী তথা প্ৰতিভাৱান এণ্ডাৰছনে মাত্ৰ ৯ মাহ বয়সতে নিজৰ নাম লিখিবলৈ সক্ষম হৈছিল বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

আনহাতে মাত্ৰ ২ বছৰ বয়সতে গণিত শাস্ত্ৰৰ ভংগ্নাংশও শিকা পেলাইছ্ল এণ্ডাৰছনে। আৰু সেই বয়সতে শিশুটিক স্কুলৰ প্ৰথম শ্ৰেণীত ভৰ্তি কৰোৱা হৈছিল।

মাত্ৰ ২ বছৰ বয়সতে আনুষ্ঠানিক শিক্ষা জীৱন আৰম্ভ কৰা এণ্ডাৰছনে অত্যন্ত সৰুতে বিদ্যালয়লৈ যোৱাৰ বাবে বয়সত জ্যেষ্ঠ সহপাঠীৰ তুচ্ছ-তাচ্ছিল্যৰো সন্মুখীন হৈছিল।

এই তুচ্ছ-তাচ্ছিল্যক একাষৰীয়া কৰি শিশু এণ্ডাৰছনে স্কুলীয়া শিক্ষা সাং কৰি এতিয়া বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰাৰ পথত।

ইফালে এণ্ডাৰছনৰ দৰে অতি মেধাৱী আৰু প্ৰতিভাসম্পন্ন এজন শিক্ষাৰ্থীক ছাত্ৰ হিচাপে লাভ কৰি জৰ্জিয়া বিশ্ববিদ্যালয়ে অতি উৎফুল্লিত হোৱা দেখা গৈছে।

ইয়াৰ মাজতে এদিন উচ্চ শিক্ষানুষ্ঠানখনৰ কেম্পাছলৈ গৈ কেম্পাছৰ প্ৰেছিডেন্টক সাক্ষাৎ কৰিছিল এণ্ডাৰছনে। এণ্ডাৰছনক উচ্চ শিক্ষানুষ্ঠানখনৰ চৌহদৰ লগতে পৰীক্ষাগাৰসমূহ পৰিদৰ্শন কৰাৰ সুযোগ দিয়া হয়।

“এনে বিৰল প্ৰতিভাৰ শিক্ষাৰ্থীক আমি ছাত্ৰ হিচাপে লাভ কৰি অত্যন্ত সুখী। এণ্ডাৰছনৰ পিতৃ-মাতৃয়ো পুত্ৰৰ বাবে গৰ্বিত। তেওঁলোকে আশা  কৰে যে তেওঁলোকৰ সন্তানে আৰু নাম কৰক।” উচ্চ শিক্ষানুষ্ঠানখনৰ কেম্পাছ প্ৰেছিডেন্টে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে বিৰল প্ৰতিভাধৰ এণ্ডাৰছনৰ কাহিনী চ’ছিয়েল মিডিয়াটো ভাইৰেল হৈ পৰা দেখা গৈছে।

Related News