NORTHEAST NOW (Assamese)
দেশ

নাৰী নিৰ্যাতনৰ বিৰোধিতাৰে ভীষ্ম প্ৰতিজ্ঞা: ২২ বছৰে গা ধোৱা নাই ৰামে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2022 9:48 pm
Dharamdev Ram

আপুনি হয়তো এদিন দুদিন অথবা এসপ্তাহলৈকে গা নুধুৱাকৈ থাকি পাইছে। কিন্তু আজি এনে এজন মানুহৰ বিষয়ে ক’বলৈ লোৱা হৈছে, যিয়ে ২২ বছৰ ধৰি গা ধোৱা নাই। গা নুধুৱাৰ ফলত তেওঁ চাকৰিৰ পৰাও খেদা খাইছে। নাম তেওঁৰ ধৰ্মদেৱ ৰাম। ঘৰ বিহাৰৰ বৈকুণ্ঠপুৰ গাঁৱত।

কিন্তু ধৰ্মদেৱে গা ধোৱা নাই কিয়? ইয়াৰ কাৰণ হৈছে তেওঁ এটা প্ৰতিজ্ঞা পালন কৰি আহিছে। ভীষ্ম প্ৰতিজ্ঞা বুলিব পাৰি ইয়াক। প্ৰতিজ্ঞাটো হৈছে যিমান দিনলৈকে মহিলাৰ ওপৰত অত্যাচাৰ নকমে, সিমানদিনলৈকে শৰীৰত এটোপালো পানী নেপেলায়।

কেৱল সেয়াই নহয়, যেতিয়ালৈকে নিৰীহ পশু-পক্ষী হত্যা আৰু মাটি বাৰীৰ বিবাদ বন্ধ নহয়, সিমানদিনলৈকে ধৰ্মদেৱে গা নোধোৱে। ধৰ্মদেৱৰ এই মহান প্ৰতিজ্ঞাই সকলোকে অবাক কৰি তুলিছে। গা নুধুৱাৰ ফলত সাধাৰণতে আপোনাৰ মোৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কিন্তু ধৰ্মদেৱৰ প্ৰতিবেশীসকলে ইয়াৰ উলোটা ভাষ্যহে প্ৰদান কৰিছে।

তেওঁলোকে জনোৱা মতে, দুটাকৈ দশক গা নুধুৱাৰ পাছতো ধৰ্মদেৱ সম্পূৰ্ণ সুস্থ হৈ আছে। গা নুধুৱাৰ কোনো প্ৰভাৱ পৰা নাই তেওঁৰ শৰীৰত।

ধৰ্মদেৱৰ বৰ্তমান বয়স ৬২ বছৰ। ৪০ বছৰ বয়সত তেওঁ এই ভীষ্ম প্ৰতিজ্ঞা কৰিছিল। প্ৰতিজ্ঞা পালনৰ মাজতে তেওঁৰ পত্নী আৰু পুত্ৰৰ নিধন হয়। তথাপিতো তেওঁ প্ৰতিজ্ঞা পালন কৰি আহিছে। এসময়ত তেওঁ এটা কাৰখানাতো কাম কৰিছিল।

১৯৭৮ চনত বিবাহপাশত আৱদ্ধ হয়। গতানুগতিকভাৱেই সাংসাৰিক জীৱন যাপন কৰে। কিন্তু ১৯৮৭ চনত তেওঁৰ অনুভৱ হয় যে তেওঁৰ চৌপাশে সামাজিক অস্থিৰতাই দেখা দিছে। চাৰিওফালে মাটিবাৰীৰ বিবাদ, মহিলাৰ ওপৰত অত্যাচাৰ, নিৰীহ পশুৰ হত্যা- এইসমূহে চানি ধৰিছে।

ইয়াৰ ফলত ধৰ্মদেৱৰ মনতো অস্থিৰতাৰ সৃষ্টি হয়। ভাবিব ধৰে এইসমূহ অশান্তি কিদৰে কমাব পাৰে। এজন গুৰুৰ সান্নিধ্য লাভ কৰে। গুৰুজনে তেওঁক ত্যাগৰ পথ অনুসৰণ কৰিবলৈ শিকায়। তাৰপাছতে তেওঁ গা ধোৱা ত্যাগ কৰে। ধৰ্মদেৱৰ আদৰ্শ হৈছে ভগৱান ৰামচন্দ্ৰ।

গুৰুৰ শৰণাপন্ন হোৱাৰ পাছতে তেওঁ ভগৱান ৰামচন্দ্ৰক আৰাধনা কৰিবলৈ লয়। গুৰুৰ দীক্ষা লাভ কৰাৰ পাছতো তেওঁ কাৰখানাৰ চাকৰি কৰি আহিছিল। কিন্তু যেতিয়া কাৰখানা কৰ্তৃপক্ষই ধৰ্মদেৱৰ প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পালে, তৎক্ষণাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

কিন্তু কাৰখানাৰ পৰা খেদা খোৱাৰ পাছতো ধৰ্মদেৱৰ কোনো অসুবিধা হোৱা নাই। তেওঁৰ আশে পাশে গঢ় লৈ উঠিছে অনেক গুণমুগ্ধ। প্ৰতিজ্ঞাৰ ধৰণ যিয়েই নহওক, ধৰ্মদেৱৰ প্ৰতিজ্ঞাৰ উদ্দেশ্য আৰু কাৰণ সঁচাকৈয়ে অৰ্থৱহ বুলি বহুজনে ক’ব বিচাৰে।