NORTHEAST NOW (Assamese)
Popular Stories

যৌতুকত ২১ ডাল বিষাক্ত সাপ! ক’ত এই আজৱ পৰম্পৰা, চাওক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2023 4:37 pm
snakes as dowry

যদিও আইনমতে ই এক অপৰাধ, বিয়াৰ সময়ত যৌতুক দিয়া প্ৰথা বহু পূৰ্বৰে পৰা ভাৰতীয় সমাজত প্ৰচলিত। আনকি, এতিয়াও সমাজত এই প্ৰথা প্ৰচলিত হৈ আছে।

সাধাৰণতে যৌতুকত দৰাৰ পৰিয়ালে কন্যাৰ পৰিয়ালৰ পৰা যৌতুক হিচাপে ধন দাবী কৰে। কিন্তু যৌতুকত এই ধনৰ সলনি বিষধৰ সাপৰ কথা ভাবিব পাৰেনে?

হয়, মধ্য প্ৰদেশৰ এটা বিশেষ সম্প্ৰদায়ৰ মাজত এনে এক প্ৰথাই প্ৰচলিত য’ত ধনৰ পৰিৱৰ্তে ২১ ডাল বিষধৰ সাপ যৌতুক হিচাপে দিয়া হয়।

মধ্যপ্ৰদেশৰ গৌৰীয় সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ জোৱাইয়েকক যৌতুক হিচাপে  দিয়ে ২১ ডাল বিষধৰ সাপ।

সম্প্ৰদায়টোৰ মাজত এই প্ৰথা বহু যুগৰ পৰা চলি আহিছে।

বিশ্বাস কৰা হয় যে যদি এই সম্প্ৰদায়ৰ কোনো লোকে তেওঁলোকৰ কন্যাৰ বিয়াত সাপ নিদিয়ে তেতিয়াহ’লে কন্যাৰ বিয়া সোনকালে ভাঙিব।

জানিব পৰা মতে, বিয়া ঠিক হোৱাৰ পাছতেই কন্যাৰ পিতৃয়ে জোৱাইয়েকক উপহাৰ দিবলৈ সাপ ধৰা আৰম্ভ কৰি দিয়ে।

এই সাপৰ ভিতৰত গোম সাপকে ধৰি বিষাক্ত সাপ থাকে। ইয়াৰ শিশুসকলেও আনকি সেই বিষধৰ সাপসমূহক ভয় নকৰে। বৰঞ্চ তেওঁলোকে এইবোৰৰ সৈতে অনায়াসে খেলি থকাহে দেখা যায়।

এই সম্প্ৰদায়টোৰ প্ৰধান বৃত্তি হৈছে সাপ ধৰা আৰু সেইবোৰ মানুহক দেখুৱাই ধন উপাৰ্জন কৰা।

এইটোৱে কাৰণ যাৰ বাবে পিতৃয়ে তেওঁৰ জোৱাইয়েকক যৌতুক হিচাপে সাপ দিয়ে যাতে তেওঁ এই সাপৰ জৰিয়তে ধন উপাৰ্জন কৰি পৰিয়ালক ভৰণ-পোষণ দিব পাৰে।

সম্প্ৰদায়টোৰ মাজত সাপৰ সুৰক্ষাৰ বাবে কঠোৰ নিয়ম বন্ধা আছে। জানিব পৰা মতে, যদি তেওঁলোকৰ কাৰো বাকচত সাপৰ মৃত্যু হয় তেতিয়াহ’লে গোটেই পৰিয়ালটোৱে মূণ্ডন কৰিব লাগে। তদুপৰি, গোটেই সম্প্ৰদায়কে মাতি খুৱাব লাগে।