NORTHEAST NOW (Assamese)

বান্ধবীৰ নগ্ন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ

February 13, 2020 1:05 pm · এন ই নাও নিউজ
Updated: February 13, 2020 1:07 pm
চৰিফ

ক্ৰিকেটৰ পথাৰৰ বাহিৰৰ বিভিন্ন বিতৰ্কৰ বাবে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি আহিছে পাকিস্তান দলৰ বৰ্তমানৰ খেলুৱৈ সকলে।

এইবাৰ এগৰাকী যুৱতীৰ নগ্ন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দি বিতৰ্কত সোমাই পৰিছে পাকিস্তান টি-২০ দলৰ নিয়মীয়া সদস্য চাদাব খান।

ডুবাইৰ বাসিন্দা আচৰিনা চৰিফ নামৰ এগৰাকী যুৱতীয়ে চাদাবৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

নিজৰ ইষ্টাগ্ৰামত সমষ্ট ঘটনা বৰ্ণনা কৰিছে যুৱতী গৰাকীয়ে য’ত নিজকে চাদাবৰ প্ৰেয়সী বুলি দাবী কৰিছে তেওঁ।

‘‘চাদাবে মোৰ নগ্ন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু মোক বহু দিনৰ পৰা ব্লেকমেইলো কৰি আহিছে পাকিস্তানৰ ক্ৰিকেটাৰজনে,’’ ইষ্টাগ্ৰামত আচৰিনাই লিখে।

ডুবাইৰ যুৱতী গৰাকীয়ে সমষ্ট ঘটনা ৰাজহুৱা কৰাৰ পাছত এতিয়া ইয়াক লৈ পাকিস্তানত তীব্ৰ বিতৰ্কৰ সুত্ৰপাত হৈছে।

বহুতে খেলপথাৰত চাদাবে প্ৰদৰ্শন উন্নত কৰাৰ পৰিৱৰ্তে খেলপথাৰৰ বাহিৰত খেলুৱৈ গৰাকীৰ কাৰ্য্যকলাপৰ বাবে সমালোচনা কৰিছে।

এটা দীঘলীয়া ইনষ্টাগ্ৰাম পোষ্টত চৰিফে বিগত বৰ্ষৰ মাৰ্চ মাহত চাদাবৰ সৈতে কথা পতা আৰম্ভ কৰে বুলি উল্লেখ কৰে।

তেওঁ ইংলেণ্ড বিশ্বকাপৰ সময়ত এই সম্পৰ্ক অধিক গভীৰ হয় বুলি জনাই আৰু পাকিস্তানী ক্ৰিকেটাৰ গৰাকীৰ বহু কেইটা ভ্ৰমণতো চৰিফে সংগ প্ৰদান কৰিছিল বুলি কয়।

চাদাব আৰু চৰিফৰ এই গোপন সম্পৰ্কৰ কথা পোহৰলৈ আনিছিল এগৰাকী পাকিস্তানী সাংবাদিকে।

আনহাতে, চাদাবে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহ নাকচ কৰিছে আৰু সেয়া তেওঁৰ ভাবমুৰ্তি বিনষ্ট কৰাৰ বাবে কৰা এক ষড়যন্ত্ৰ আখ্যা দিয়ে।

Related News