NORTHEAST NOW (Assamese)

শাৰীৰিক অক্ষমতা জয় কৰা টীয়কৰ বিশেষভাৱে সক্ষম এজন যুৱকৰ জীৱন সংগ্ৰাম

August 27, 2020 6:10 pm · নিৰ্মলেন্দু পাঠক

অদম্য মনোবলৰ গৰাকী এগৰাকী ৩০ বছৰীয়া যুৱক। নাম টোফান মালা।

ঘৰ যোৰহাট জিলাৰ বানেধোৱা টীয়কৰ জাঁজীমুখৰ মালা গাঁৱত। বিশেষভাৱে সক্ষম যুৱকজন।

জীৱনৰ দুটা বসন্ত অতিক্ৰম কৰোতেই এক জটিল ৰোগত আক্ৰান্ত হোৱাত অকামিলা হৈ পৰে টোফানৰ ভৰি দুখন।

অতি দুখীয়া পৰিয়ালৰ সন্তান টোফান উন্নত চিকিৎসাৰ অভাৱত চিৰদিন ঘূণীয়া হৈ ৰ’ল।

এইগৰাকী টোফান এতিয়া বহুতৰ বাবে আদৰ্শ।

শাৰীৰিক অক্ষমতাক নেওচি টোফানে বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী বিচনী, ডলা, খৰাহী, ঢাৰি আদি নিৰ্মাণ কৰাৰ লগতে মাছ ধৰিবৰ বাবে ব্যৱহৃত জাল আদি প্ৰস্তুত কৰি আহিছে।

সেইসমূহ বিক্ৰী কৰি পোৱা উপাৰ্জনেৰে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে টোফান।

টোফানে চৰকাৰী সাহায্যৰ নামত বছৰি লাভ কৰে কেৱল আঠ হাজাৰ টকা। এখন বিশেষভাৱে নিৰ্মিত চাইকেল লাভ কৰিছিল যদিও বাট-পথৰ জৰাজীৰ্ণতাৰ বাবে সেই চাইকেল এতিয়া অব্যৱহৃত হৈ ৰৈছে।

সেয়ে চৰকাৰলৈ কিছু সহায় বিচাৰি আহ্বান জনাইছে টোফানে।

Related News