NORTHEAST NOW (Assamese)

৫৮ মিনিটত ৪৬ বিধ খাদ্য ৰান্ধিব পাৰিবনে আপুনি? এওঁ কিন্তু পাৰে…

December 16, 2020 3:50 pm · এন ই নাও নিউজ
Updated: December 16, 2020 8:37 pm

ঘৰলৈ আলহী আহিব।

বিবিধ ব্যঞ্জনেৰে আলহীক আপ্যায়ন কৰিব লাগিব

।আলহীৰ পৰিবেশন কৰিবলৈ ইবিধ সিবিধকৈ বহু বিধ ব্যঞ্জনেই প্ৰস্তুত কৰো আমি।

আলহীৰ আগমণ মানেই পুৱাৰে পৰা চিন্তা কি বনাম, কি খুৱাম আদি।

কিন্তু তামিলনাডুৰ এইগৰাকী ছাত্ৰীয়ে আলহী অহাকলৈ মুঠেও চিন্তা নকৰে।

কাৰণ এওঁ অতি কম সময়তে বনাব পাৰে বিবিধ খাদ্য সম্ভাৰ।

আপুনি জানি হয়তো আচৰিতেই হ’ব যে তামিলনাডুৰ ছাত্ৰী এছ এন লক্ষ্মী সাই শ্ৰীয়ে মাত্ৰ ৫৮ মিনিটৰ ভিতৰতে ৪৬ বিধ খাদ্য ৰান্ধিব পাৰে।

এই অসাধাৰণ দক্ষতাৰ জৰিয়তে ছাত্ৰী গৰাকীয়ে সকলোকে হতবাক কৰি দিয়াৰ লগতে বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হৈছে।

লকডাউনৰ সময়ত দেশৰ সকলো লোক যেতিয়া ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল তেতিয়াই ছাত্ৰী গৰাকীয়ে মাকৰ পৰা শিকিছিল ৰন্ধনৰ কৌশল।

ইয়াৰ পিছতে তেওঁ কম সময়ত কি দৰে সুস্বাদু আহাৰ ৰান্ধিব পাৰি তাৰ অনুশীলন কৰিছিল।

এনেদৰে তেওঁ মাত্ৰ ৫৮ মিনিটতে ৪৬ বিধ খাদ্য ৰান্ধি UNICO Book of World Records নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।

Related News