NORTHEAST NOW (Assamese)
অসম

যোৱা ৮০ বছৰে পৰি আছে ১০,০০০ কোঠাযুক্ত এই বিশাল হোটেল, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2020 5:23 pm
This hotel with 10,000 rooms remains deserted for 80 years

যোৱা ৮০ বছৰে পৰিত্যক্ত ৰূপত পৰি আছে এইখন বিশ্বৰ ভিতৰতে বিশাল হোটেল—নাম ডা প্ৰ’ৰা।

হোটেলখনত কোঠাই আছে ১০,০০০টা, কিন্তু আজিলৈকে কোনো ব্যক্তিয়ে হোটেলখনত থকা নাই।

জাৰ্মেনিৰ ৰুগেন আইলেণ্ডত হোটেলখনে ৪.৫ কি. মি. এলেকা দখল কৰি আছে।

৯০০০ লোকে হোটেলখন নিৰ্মাণ কৰিছিল।

হোটেলখনত আছে ৮টা ব্লক। হোটেলখনত চিনেমা হল, ফেষ্টিভেল হল, ছুইমিং পুলকে ধৰি সকলো আধুনিক সা-সুবিধা আছে।

কিন্তু, তথাপি হোটেলখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ বাকী থাকিল আৰু সেয়া সম্পূৰ্ণ নহ’লগৈ।

হোটেলখন হিটলাৰৰ শাসনৰ সময়ত ১৯৩৬ৰ পৰা ১৯৩৯ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।

কিন্তু, দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱা বাবে হোটেলখনৰ নিৰ্মাণ আধৰুৱা হৈ ৰয়।

যুদ্ধ শেষ হোৱাৰ পিছত হোটেলখনৰ নিৰ্মাণৰ কাম আগবঢ়োৱা নহ’ল।

ফলত আজিও এই বিশাল হোটেলখন পৰিত্যক্ত অৱস্থাতে থাকি গ’ল।

নিৰ্মাণ সম্পূৰ্ণ হোৱা হ’লে এই হোটেলখনেই বিশ্বৰ আটাইতকৈ বৃহৎ হোটেলৰূপে পৰিগণিত হ’লহেঁতেন।