NORTHEAST NOW (Assamese)
Popular Stories

২.৮৮ চেকেণ্ডত! তাকো ওলোটাকৈ! বৰ্ণমালা টাইপ কৰি অভিলেখ ৰচিলে এইজন ভাৰতীয় যুৱকে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 4, 2024 2:44 pm
২.৮৮ চেকেণ্ডত! তাকো ওলোটাকৈ! বৰ্ণমালা টাইপ কৰি অভিলেখ ৰচিলে এইজন ভাৰতীয় যুৱকে

এইবাৰ এক আচৰিত কাম সম্পন্ন কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে এছ কে আশ্ৰফ নামৰ এজন ভাৰতীয় যুৱকে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ অথৰিটিয়ে শেহতীয়াকৈ এছ কে আশ্ৰফৰ অভিলেখৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। য’ত দেখা গৈছে যে তেওঁ ডেস্কটপত চকুৰ পলকতে বৰ্ণমালাবোৰ ওলোটাকৈ টাইপ কৰিছে।

ভিডিঅ’টো মুক্তি পোৱাৰ ১২ ঘণ্টাৰ ভিতৰতে লাখ লাখ দৰ্শকে ভিডিঅ’ চোৱাৰ লগতে হাজাৰ হাজাৰ লোকে ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

ভিডিঅ’টো দেখা পাই বহুতে আচৰিত হৈ বিভিন্ন মন্তব্য কৰিছে আৰু আন বহুতে এই অভিলেখ ভংগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

গিনিজৰ অফিচিয়েল ব্লগৰ মতে, ১৫ ফেব্ৰুৱাৰীত এই অভিলেখ গঢ়িছিল এছ কে আশ্ৰফে। কিন্তু এয়া তেওঁৰ প্ৰথম বিশ্ব অভিলেখ নহয়। ইয়াৰ পূৰ্বেও ক্ৰমাগতভাবে বৰ্ণমালা টাইপ কৰি বিশ্ব অভিলেখ গঢ়িছিল।