NORTHEAST NOW (Assamese)

লকডাউনৰ সময়ত গুৱাহাটীত ৰেল ষ্টেচন, বিমান বন্দৰলৈ যাবলৈ এইসমূহ ব্যৱস্থা

June 28, 2020 10:48 pm · কল্পজ্যোতি শইকীয়া
ৰাতিৰ গুৱাহাটী ৰে’লৱে’ ষ্টে’চন। সৌজন্য- wikimedia.org

লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মেট্রোপলিটান জিলাৰ এ এছ টি চি বাছ সেৱাসমূহ চহৰৰ বিভিন্ন পিক আপ্ পইন্টৰ পৰা বিমানবন্দৰ তথা ৰেল ষ্টেচনলৈ ব্যৱস্থা কৰা হৈছে।

নিম্নলিখিত আৰক্ষী থানা আৰু আৰক্ষী চকীবোৰ পিক আপ্ পইন্ট হিচাপে চিহ্নিত কৰা হৈছে।

১.দিছপুৰ আৰক্ষী থানা

২. নুনমাটি আৰক্ষী থানা

৩.পাণবজাৰ আৰক্ষী থানা

৪.লতাশিল আৰক্ষী থানা

৫. পল্টন বজাৰ আৰক্ষী থানা

৬.ভৰলুমুখ আৰক্ষী থানা

৭.গীতানগৰ আৰক্ষী থানা

৮.জালুকবাৰী আৰক্ষী থানা

৯.বশিষ্ঠ আৰক্ষী থানা

১০. ফটাশিল আমবাৰী আৰক্ষী থানা

১১.হাতীগাঁও আৰক্ষী থানা

১২.গড়চুক আৰক্ষী থানা

১৩. ভঙাগড় আৰক্ষী থানা

১৪. সাতগাঁও আৰক্ষী থানা

১৫.চান্দমাৰী আৰক্ষী থানা

১৬. ফাঁচী বজাৰ আৰক্ষী চকী

১৭. মালিগাঁও আৰক্ষী চকী

১৮. ওডালবাক্ৰা আৰক্ষী চকী

১৯. বীৰুবাৰী আৰক্ষী চকী

২০. যোৰাবাট আৰক্ষী চকী

২১. ISBT আৰক্ষী চকী

২২. পানীখাইতি আৰক্ষী চকী

এই বাছসমূহ ওপৰত উল্লেখিত স্থানৰ পৰা ৰাতিপুৱা ৫ বজাৰ পৰা ৭, ৯, ১১, ১, ৩, ৫ বজাহৈ সন্ধিয়া ৭ বজালৈকে চলাচল কৰিব।

গুৱাহাটীৰ যিকোনো বাসিন্দাই যদি আকাশমাৰ্গেৰে তথা ৰেল সেৱাৰে যাত্ৰা কৰিব বিচাৰে তেন্তে বিমানবন্দৰলৈ আৰু ৰেল ষ্টেচনলৈ যাবৰ বাবে ৰেজিস্টাৰ কৰিব লাগিব http://assamtransportrelief.in/ত।

নিম্নলিখিত হোৱাটচ্এপ(Whatsapp) নম্বৰৰ জৰিয়তেও ৰেজিস্টাৰ সম্বন্ধে যোগাযোগ কৰিব পাৰে–

6026900637

6026900969

6026900638

6026900970

6026900639

6026900971

6026900966

6026900972

6026900967

6026900973

6026900968

6026900976

 

এই হেল্পলাইন সেৱাসমূহ দিনৰ ১০ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব।

ৰেজিষ্ট্ৰেচনসমূহ যিকোনো যাত্ৰাৰ ২৪ ঘন্টা আগতীয়াকৈ কৰাটো অনিবার্য। লগতে সম্পূর্ণ তথ্য তথা যেনে যাত্ৰীগৰাকীৰ সম্পূর্ণ নাম, মোবাইল নম্বৰ, পিক আপ পইন্টৰ নাম, ফ্লাইট/ৰেল নম্বৰ, ফ্লাইট আৰু ৰেলৰ এৰা সময় আৰু তাৰিখ, PNR কোড নম্বৰ যোগান ধৰিব লাগিব।

যাত্ৰীসকলে ASTC বাছৰ সেৱা গ্ৰহণৰ আগমুহূৰ্তত ৰেল আৰু ফ্লাইটৰ টিকট দেখুৱাব লাগিব।

যিসকল লোকে ব্যক্তিগত আৰু ভাড়া গাড়ী বিমানবন্দৰ আৰু ৰেল ষ্টেচনলৈ  পিকআপ্ আৰু ড্ৰপৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে তেওঁলোকে ৰেজিস্টাৰ কৰিব নালাগে।

কিন্তু, গাড়ীৰ ড্ৰাইভাৰে পিক আপ্ বা ড্ৰপ কৰোতে লগত যাত্রীৰ ফ্লাইট বা ৰেলৰ টিকট ৰাখিব লাগিব।

Related News