NORTHEAST NOW (Assamese)

এইবাৰ নিৰ্বাচনত চৰ্চাত আছিল ঝালমুড়ি!  জানো আহক ঘৰতে ঝালমুড়ি তৈয়াৰ কৰাৰ পদ্ধতি

May 6, 2026 6:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:22 am

বঙালী সকলৰ দৰে অসমীয়া মানুহৰো প্ৰিয় ঝালমুড়ি। নিৰ্বাচনৰ বতৰত ৰাজনৈতিক তৰ্কই যিদৰে উত্তাপ বঢ়ায়, তেনেদৰে শৰীৰৰ উত্তাপ বঢ়াই ঝালমুড়িয়ে। শেহতীয়াকৈ ঝাৰগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰীয়ে গাড়ীৰ পৰা নামি ঝালমুড়ি খোৱা দৃশ্যটো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈছিল। অৱশ্যে কেৱল ৰাস্তাৰ কাষৰ দোকানতে কিয়, ঘৰতে যদি স্বাস্থ্যসন্মতভাৱে কলকাতাৰ সেই বিশেষ সোৱাদ পাব পাৰি তেন্তে কথায়ে নাই। সেয়েহে আজিৰ এই বিশেষ দিনটোৰ বাবে ঝালমুড়িৰ তিনিটা সুন্দৰ ৰেচিপি আগবঢ়োৱা হল।

প্ৰথমটো হল ঘৰুৱা ক্লাচিক ঝালমুড়ি যিটো আমাৰ সকলোৰে পৰিচিত। ইয়াৰ বাবে প্ৰথমে এটা ডাঙৰ পাত্ৰত কুটি লোৱা পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া আৰু ধনীয়া পাত লব লাগে। তাৰপাছত তাত সিজোৱা আলুৰ টুকুৰা, ভজা বাদাম আৰু বুট মিহলাই লব লাগে। এতিয়া কলা নিমখ, চাট মচলা, নেমুৰ ৰস দি ভালদৰে সানি লৈ শেষত মচমচীয়া মুড়ি আৰু সামান্য সৰিয়হৰ তেল দি দ্ৰুতগতিত মিহলাই পৰিৱেশন কৰিব লাগে। মনত ৰাখিব মুড়ি দিয়াৰ পাছত বেছি দেৰি কৰিব নালাগে নহ’লে মুড়িবোৰ কোমলি যাব পাৰে।

দ্বিতীয়টো পদ্ধতি হল নাৰিকল আৰু মচলাযুক্ত ঝালমুড়ি। পুৰণি কলকাতাৰ ঐতিহ্যবাহী সোৱাদ পাবলৈ এই ৰেচিপিটো অতুলনীয়। ইয়াত ব্যৱহাৰ কৰা নাৰিকলৰ সৰু সৰু টুকুৰাই এক অন্য মাত্ৰা প্ৰদান কৰে। ইয়াৰ বাবে এটা বাটিত পিঁয়াজ, আদা আৰু জলকীয়া কুটি লোৱাৰ লগতে নিমখ, জীৰা গুড়ি আৰু জলকীয়া গুড়ি মিহলাই লব লাগে। তাৰপাছত তাত নাৰিকলৰ টুকুৰা আৰু আলুৰ কিউব দি মিশ্ৰণটো তৈয়াৰ কৰি মুড়ি আৰু সৰিয়হৰ তেল ঢালি দিব লাগে। তৃতীয়টো ৰেচিপি হ’ল নেমু আৰু জলকীয়াৰ ঝালমুড়ি। যিসকলে অলপ বেছি জ্বলা আৰু টেঙা ভাল পায় ‎তেওঁলোকৰ বাবে এইটো আটাইতকৈ উপযুক্ত। ইয়াৰ বাবে কেঁচা জলকীয়া আৰু বিলাহী মিহি কৰি কুটি ‎লব লাগে। তাত ভজা বুট আৰু বাদাম মিহলাই নেমুৰ ৰস দি কিছু সময় তিয়াই থব লাগে। তাৰপাছত ‎নিমখ আৰু মচলা দি ভালদৰে সানি লৈ মুড়ি আৰু সৰিয়হৰ তেল মিহলাই লব লাগে। এনেদৰে ঘৰতে ‎আপুনি কলকাতাৰ শৈলীৰ সোৱাদ লব পাৰিব। চাব যাতে মুড়ি দিয়াৰ লগে লগেই ইয়াক পৰিৱেশন কৰা ‎হয় যাতে ইয়াৰ মচমচীয়া ভাবটো অটুট থাকে।

Related News