NORTHEAST NOW (Assamese)

মৃত্যুৰ উৰাবাতৰি নস্যাৎ কৰিলে নেতানিয়াহুৱে, হাতত কফিৰ কাপ লৈ জনালে নিজৰ অৱস্থা

March 15, 2026 10:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 15, 2026 10:13 pm

শেহতীয়াকৈ চলি থকা তীব্ৰ সংঘাতৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু নিহত হোৱা বুলি ছচিয়েল মিডিয়াত এক ব্যাপক চৰ্চা চলিছিল। ইৰাণৰ আক্ৰমণৰ পিছতে পোহৰলৈ অহা এই উৰাবাতৰিয়ে চৰম উত্তেজনাৰ সৃষ্টি কৰিছিল। অৱশ্যে এই সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই জনসাধাৰণৰ সন্মুখলৈ আহে। হাতত একাপ কফি লৈ তেওঁ অতি শান্তভাৱে নিজৰ জীৱিত অৱস্থাৰ কথা ঘোষণা কৰে।

ঘটনাৰ সূত্ৰপাত হৈছিল শুকুৰবাৰে নেতানিয়াহুৱে তেওঁৰ এক্স একাউণ্টত শ্বেয়াৰ কৰা এটা ভিডিঅৰ পৰা। ইজৰাইল-আমেৰিকা-ইৰাণ সংঘাত সন্দৰ্ভত কৰা এই ভাষণৰ ভিডিঅটোৰ এটা অংশক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছিল। ভিডিঅটোত তেওঁৰ হাতৰ আঙুলিৰ সংখ্যা লৈ হোৱা বিতৰ্কই সকলোকে আচৰিত কৰি তুলিছিল। বহুতে দাবী কৰিছিল যে এই ভিডিঅটো কৃত্ৰিম বুদ্ধিমত্তা বা এআই ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকী কোনো বিপদত পৰিছে।

এই উৰাবাতৰিক পাত্তা নিদি নেতানিয়াহুৱে এক নতুন ভিডিঅৰ জৰিয়তে সকলো সন্দেহ দূৰ কৰে। তেওঁ অতি দৃঢ়তাৰে কয় যে তেওঁ নিজৰ দেশৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ প্ৰস্তুত। ইয়াৰ লগতে তেওঁ ধেমেলীয়া সুৰত কয় যে তেওঁ কেৱল দেশৰ বাবেই নহয়, একাপ কফিৰ বাবেও মৰিবলৈ ইচ্ছুক। কেমেৰাৰ সন্মুখত তেওঁ নিজৰ দুয়োখন হাত দেখুৱাই প্ৰমাণ কৰে যে তেওঁৰ শৰীৰত কোনো ধৰণৰ অস্বাভাৱিকতা নাই আৰু ইণ্টাৰনেটত ভাইৰেল হোৱা খবৰসমূহ সম্পূৰ্ণ ভিত্তিহীন।

Related News