NORTHEAST NOW (Assamese)

ইটোৰ পিছত সিটো হঠকাৰী সিদ্ধান্ত : এইবাৰ কৰ্মচাৰীৰ সন্তানৰ শিক্ষাৰ ভাত্তা কৰ্তন কৰিলে ৰে’লৱে

August 8, 2020 4:30 pm · এন ই নাও নিউজ
Updated: August 8, 2020 4:56 pm

ইটোৰ পিছত সিটো ব্যয় সংকোচন নীতি প্ৰৱৰ্তনত ব্যস্ত হৈ পৰিছে ভাৰতীয় ৰে’লৱে বিভাগ।

ইতিমধ্যে ব্ৰিটিছৰ দিনৰ খালাচী আৰু বাংলো পিয়নৰ চাকৰি ৰে’লৱেৰ পৰা বিলুপ্তিকৰণ কৰাৰ পিছত ভাৰতীয় ৰে’লৱেই ইয়াৰ কৰ্মচাৰীসকলৰ সন্তানৰ শৈক্ষিক ভাত্তা বন্ধ কৰি দিছে।

উল্লেখ্য যে, যোৱা ১৪ মে’তে এই নিৰ্দেশ জাৰি কৰা হৈছিল আৰু বৰ্তমান ইয়াক কাৰ্যকৰী কৰিবলৈ ৰে’লৱেৰ ইউনিয়নসমূহক অৱগত কৰাৰ কাম আৰম্ভ কৰিছে ৰে’লৱে-এ।

উত্তৰ পূৱ ৰে’লৱেৰ জেনেৰেল মেনেজাৰে পৃথকে পৃথকে ৰে’লৱেৰ কৰ্মচাৰীসকলৰ সন্তানৰ শৈক্ষিক ভাত্তা যোৱা ১৪ মে’ৰ পৰা বন্ধ কৰাৰ কথা অৱগত কৰিছে।

ৰে’লৱেৰ জি এমৰ এই নিৰ্দেশ লাভ কৰাৰ পিছতেই ৰে’লৱেৰ ইউনিয়নসমূহে ইয়াৰ তীব্ৰ বিৰেধিতা কৰিছে বুলি জানিব পৰা গৈছে।এয়া বেচৰকাৰীকৰণৰ ফন্দী বুলিও অভিহিত কৰিছে ৰে’লৱে ইউনিয়নসমূহে।

ইফালে কোভিড পৰিস্থিতিৰ মাজতে ৰে’লৱেই এনে হঠকাৰী সিদ্ধান্তবোৰ গ্ৰহণ কৰিছে যাতে ইউনিয়নসমূহে একগোট হৈ ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰে।

ৰে’লৱে দপ্তৰে কৰ্মচাৰীসকলৰ সন্তানৰ শৈক্ষিক ভাত্তা বাতিলৰ পূৰ্বে ইউনিয়নসমূহক জনোৱা নাছিল বুলিও দাবী কৰিছে ইউনিয়নসমূহে।

পূৱ ৰে’লৱে মেনছ ইউনিয়নৰ সাধাৰণ সম্পাদক অমিত ঘোষে কয় যে, যেতিয়াৰ পৰা এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব তেতিয়াৰ পৰাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হ’ব।

তেওঁ লগতে কয় তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে দুটি সন্তানৰ বাবদ চিলড্ৰেন বেনিফিট লাভ কৰি আহিছে।

দুটা সন্তানৰ বাবে ৰে’লৱে কৰ্মচাৰীয়ে লাভ কৰা সন্তানৰ এই শৈক্ষিক ভাত্তা বাতিলেৰে ৰে’লৱে দপ্তৰে নীতিবিৰুদ্ধ কাম কৰিছে বুলি দাবী কৰি ৰে’লৱে ইউনিয়নসমূহে এই সিদ্ধান্তক বাতিলৰ দাবী জনাইছে।

Related News