NORTHEAST NOW (Assamese)

এইবাৰ অসমত ৰেল দুৰ্ঘটনা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত

October 17, 2024 8:27 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আন এক ৰেল দুৰ্ঘটনা। এইবাৰ অসমত ৰেলপথৰ পৰা নামিলে লোকমান্য তিলক এক্সপ্ৰেছ। ৰেলৱেৰ সূত্ৰ অনুসৰি ৮টা কোঠা লাইনচ্যুত হয়। এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আগৰতলাৰ পৰা মুম্বাইলৈ যোৱা লোকমান্য তিলক এক্সপ্ৰেছ (এল এম টি) দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বৃহস্পতিবাৰে বিয়লি হাফলঙৰ সমীপত ৰেলখনৰ পাৱাৰ কাৰ, ইঞ্জিন আৰু ৮টা ডবা ৰেলপথৰ পৰা ওলাই যায়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জলকীশৰ শৰ্মাই সৰ্বভাৰতীয় সংবাদ সংস্থাক জনাইছে যে, ‘লামডিঙৰ পৰা ত্ৰিশ কিলোমিটাৰ দূৰত্বত থকা দিবালং অঞ্চলত ৰে’লখন ৰেলপথৰ পৰা ওলাই যায়। ঘটনাত কোনো হতাহতিৰ খবৰ পোৱা নাই।”

এই ঘটনাৰ পিছত লামডিঙৰ পৰা এটা চিকিৎসা দল প্ৰেৰণ কৰা হয়। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অন্য ৰে’লযোগে যাত্ৰীসকলক গন্তব্য স্থানলৈ পঠোৱাৰ হুলস্থুল আৰম্ভ হৈছে। দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য জনসংযোগ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও দুটা হেল্পলাইন নম্বৰ ৰে’লৱে মুকলি কৰিছে। সেইবোৰ হ’ল- ০৩৬৭৪ ২৬৩১২০, ০৩৬৭৪ ২৬৩১২৬।

ইটোৰ পাছত সিটো ৰেল দুৰ্ঘটনাই ৰেলৱেৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সেই পৰিবেশত এই দুৰ্ঘটনাই আকৌ এবাৰ যাত্ৰীৰ সুৰক্ষাৰ লৈ প্ৰশ্ন উত্থাপন হৈছে।

Related News