NORTHEAST NOW (Assamese)

মাত্ৰ বিছ বছৰ গৰকা এইজন ক্ৰিকেটাৰৰ সম্পত্তিয়ে আপোনাক আচৰিত কৰিব

March 4, 2020 7:34 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- News Crab

বয়সে মাত্ৰ বিছ বছৰ গৰকিছে। কিন্তু পৃথ্বি শ্ব নামৰ এইগৰাকী ক্ৰিকেটাৰৰ সম্পত্তি মানুহক অবাক কৰিব পৰা পৰিমাণৰ।

১৯৯৯ চনৰ ৯ নৱেম্বৰত জন্ম শ্ব টপ অৰ্ডাৰ বেটছমেন। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ তেওঁ টেষ্টত আত্মপ্ৰকাশ কৰিছে যদিও স্থান এতিয়াও নিগাজী হোৱা নাই।

দিল্লী কেপিটেলছে আই পি এলৰ বাবে তেওঁক ১.৬ কোটি টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিল।

Wikipedia, Forbes, IMDb, TrendCelebsNow আদি বিভিন্ন অনলাইন ৱেবছাইটৰ মতে ১৯ বছৰ বয়সতে শ্বৰ সম্পত্তি আছিল ৯২ মিলিয়ন ডলাৰ!

শ্বই পেচাদাৰী খেলুৱৈৰূপে নিজাববীয়া আয় কৰাৰ লগতে তেওঁৰ দেউতাকো এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী।

শ্বৰ ক্ৰিকেটৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে তেওঁলোকৰ পৰিয়ালে মুম্বাইত থিতাপি লয়।

শ্ব ১৯ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল আৰু তেওঁ সঞ্জু চেমছন, মায়াংক মকৰান্দ, জছপ্ৰিত বুমৰাহ আদিৰ সতীৰ্থ আছিল।

Related News