NORTHEAST NOW (Assamese)
অসম

C(A)A বিৰোধী ৰাজনৈতিক দল সমূহ তথ্য সম্বন্ধে সচেতন নহয় : ৰাম মাধৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2020 4:19 pm
Ram Madhab

‘‘যিবোৰ ৰাজনৈতিক দলে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা কৰি আছে সেইবোৰৰ আইনখন সম্পৰ্কত পৰ্য্যাপ্ত জ্ঞানৰ অভাৱ,’’ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে শুকুৰবাৰে মন্তব্য কৰে।

নাগৰিকত্ব (সংশোধনী) আইন কোনো ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নহয় বুলি মাধৱে উল্লেখ কৰি যিসকলে ইয়াৰ বিৰোধিতা কৰি আছে তেওঁলোকে তথ্য সম্বন্ধে জ্ঞাত নহয় আৰু ইয়াক জানিবৰ বাবে চেষ্টাও নকৰে বুলি সমালোচনা কৰে।

নাগৰিকত্ব (সংশোধনী) আইন সম্বন্ধে বিৰোধী দল সমূহে দেশৰ নাগৰিকক ভুল পথে পৰিচালিত কৰা বুলিও বিজেপি নেতা গৰাকীয়ে অভিযোগ কৰে।

‘‘যিসকলে ‘কা’ৰ বিৰোধিতা কৰি আছে তেওঁলোকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে,’’ মাধৱে লগতে কয়।

তেলেংগানাৰ ওচমানিয়া বিশ্ববিদ্যালয়ত ‘নাগৰিকত্ব (সংশোধনী) আইন সম্পৰ্কত চৰ্চা’ শীৰ্ষক সভাত মাধৱে এনেদৰে নিজৰ মত ব্যক্ত কৰে।